অভিলেখ মূল্যত বিক্ৰী হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ স্মৃতি বিজড়িত বাংলো। দিল্লীৰ লুটিয়েনছ জ’নৰ এই ঘৰটো ১১০০ কোটি টকাত হস্তান্তৰ কৰা বুলি জানিব পৰা গৈছে।
বিশেষজ্ঞসকলে দাবী কৰিছে যে দেশৰ কোনো ঘৰ আগতে এনে মূল্যত বিক্ৰী হোৱা নাছিল। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰুৱে এসময়ত লুটিয়েন্সৰ এই ঐতিহাসিক বাংলোটোত বাস কৰিছিল।
প্ৰায় ৩.৭ একৰ মাটিত বিস্তৃত এই বাংলোটো এতিয়ালৈকে ৰাজস্থানৰ পূৰ্বৰ এটা ৰাজকীয় পৰিয়ালৰ মালিকানাধীন আছিল। এবছৰ পূৰ্বে ঘৰটো বিক্ৰীৰ বাবে জাননী জাৰি কৰা হৈছিল। মালিকে ১৪০০ কোটি টকা দাম বিচাৰিছিল। অৱশ্যে ঘৰটো ১১০০ কোটি টকাত বিক্ৰী হয়।
দেশৰ এজন উদ্যোগপতিয়ে ক্ৰয় কৰিছে। আচলতে দিল্লীৰ লুটিয়েনছক দেশৰ আটাইতকৈ হাই-প্ৰফাইল এলেকা বুলি ক’ব পাৰি। ইয়াত কেইবাজনো নেতা-মন্ত্ৰী বাস কৰে। ইয়াত উচ্চ পদস্থ চৰকাৰী আমোলাসকলেও বাস কৰে।
এই অঞ্চলত মুঠ ৩০০০ টা বাংলো নিৰ্মাণ কৰা হৈছে। ইয়াৰে ৬০০টা ঘৰ ব্যক্তিগত সম্পত্তি। ইয়াৰে এটা আছিল অভিলেখ দামত বিক্ৰী হোৱা ঘৰটো।
অৱস্থানৰ বাহিৰেও নেহৰুৰ স্মৃতিৰ লগত ইয়াৰ সম্পৰ্ক থকাটোৱেই ঘৰটোৰ আকাশলংঘী মূল্যৰ কাৰণ বুলি ধাৰণা কৰা হৈছে।