আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, ব্ৰিটেইনৰ ৰাজকুমাৰ এণ্ড্ৰু আৰু কেইবাজনো বিখ্যাত ব্যক্তিৰ সৈতে আমেৰিকাৰ কুখ্যাত নাৰী নিৰ্যাতনকাৰী জেফ্ৰি এপষ্টেইনৰ সম্পৰ্ক আছিল। বুধবাৰে প্ৰকাশিত আমেৰিকাৰ আদালতৰ নথি-পত্ৰত এই তথ্য প্ৰকাশ পাইছে।
জেফ্ৰি এপষ্টেইনৰ সৈতে সম্পৰ্কত পূৰ্বৰ গোপন আদালতৰ নথি-পত্ৰৰ নতুন তথ্য অনুসৰি যৌন অপৰাধীজনে এবাৰ ভুক্তভোগীসকলৰ এজনক কৈছিল যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে “কম বয়সীয়া নাৰী পছন্দ কৰে”।
এই গোচৰটো আছিল এপষ্টেইনৰ প্ৰেমিকা জিছলেন মেক্সৱেলৰ বিৰুদ্ধে। ২০২২ চনত এপষ্টেইনক নাৰী নিৰ্যাতনত সহায় কৰাৰ অপৰাধত তেওঁক ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। যোৱা মাহত আমেৰিকাৰ আদালতে এই গোচৰৰ সৈতে জড়িত নথি-পত্ৰ প্ৰকাশৰ অনুমতি দিছিল। বুধবাৰৰ পৰা নথি-পত্ৰসমূহ মুকলি কৰা হৈছে।
লগতে পঢ়কঃ কেপ টাউনত ঐতিহাসিক জয়েৰে টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ শীৰ্ষত টীম ইণ্ডিয়া
ফাদিল হোৱা নথি অনুসৰি ক্লিণ্টনে এপষ্টেইনৰ ব্যক্তিগত বিমানত উৰা মাৰিছিল। ইয়াৰে এগৰাকী অভিযুক্ত জোহানা ছ’জবাৰ্গে ২০১৬ চনত দিয়া জবানবন্দীত কয় যে এপষ্টেইনে দাবী কৰিছিল যে যৌনতাৰ ক্ষেত্ৰত “ক্লিণ্টনে কম বয়সীয়া নাৰী পছন্দ কৰিছিল”।
ফাদিল হোৱা নথি-পত্ৰত কমেও ৫০ বাৰ ক্লিণ্টনৰ নাম উল্লেখ আছে। মুঠতে আমেৰিকাৰ সুদৰ্শন প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী পুনৰ নেতিবাচক খবৰৰ মাজলৈ আহিছে।
উল্লেখ্য যে মনিকা লিউনেস্কিয়ে ইতিমধ্যে স্বীকাৰ কৰিছিল যে তেওঁ হোৱাইট হাউছত প্ৰশিক্ষণ ল’বলৈ অহাৰ সময়ত বিল ক্লিণ্টনৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। তেওঁ কৈছিল যে তেওঁলোকে ১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে অভাল অফিচত ৯ বাৰকৈ মিলিত হৈছিল। এই সম্পৰ্ক লুকুৱাই ৰখা নাছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়েও। নতুনকৈ জড়িত এই কেলেংকাৰীত অৱশ্যে ক্লিণ্টনে এতিয়াও মুখ খোলা নাই।
২০০৯ চনত এপষ্টেইনে নাবালিকা মহিলাক জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল। ২০১৯ চনত যৌন ব্যৱসায়ৰ বিভিন্ন অভিযোগৰ বিচাৰৰ সময়ত কাৰাগাৰতে তেওঁ আত্মহত্যা কৰিছিল।
লগতে পঢ়কঃ বলীউডৰ পৰা ৰাজনীতিলৈ! বিজেপিলৈ শংকা কঢ়িয়াই আনিব নেকি মনোজ বাজপেয়ীয়ে?
বুধবাৰে প্ৰকাশিত নথি-পত্ৰত থকা বিখ্যাত লোকসকলৰ নাম ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি আৰু আদালতৰ প্ৰক্ৰিয়াত জানিব পৰা গৈছে। সমগ্ৰ নথিখন প্ৰকাশ পালে প্ৰায় ২০০ জন লোকৰ নাম পোহৰলৈ আহিব পাৰে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ ভিতৰত এপষ্টেইনৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰা বহু ব্যক্তি, ৰাজনীতিবিদ আৰু ব্যৱসায়ীও থাকিব পাৰে।
বিল ক্লিণ্টন আৰু প্ৰিন্স এণ্ড্ৰুৰ উপৰিও প্ৰয়াত পপ তাৰকা মাইকেল জেকচন, বিশ্ববিখ্যাত যাদুকৰ ডেভিদ কপাৰফিল্ড আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নামো প্ৰকাশিত নথি-পত্ৰত সন্নিবিষ্ট কৰা হৈছে।
নথি-পত্ৰ অনুসৰি জোহানা ছ’জবাৰ্গে নামৰ এগৰাকী মহিলাই অভিযোগ কৰিছে যে ২০০১ চনত নিউয়ৰ্কৰ মানহাটানত এপষ্টেইনৰ ঘৰত ৰাজকুমাৰ এণ্ড্ৰুৱে তেওঁক যৌন নিৰ্যাতন চলাইছিল। অৱশ্যে বাকিংহাম পেলেছে ইতিমধ্যে এই অভিযোগ ‘মিছা’ বুলি দাবী কৰিছে। কিন্তু নথিখন প্ৰকাশ পোৱাৰ পিছত তেওঁলোকে পুনৰ কোনো মন্তব্য দিবলৈ সন্মত নহ’ল।
এই নথিখনত ক্লিণ্টনৰ বিষয়ে জোহানা ছ’জবাৰ্গৰ বক্তব্যও সন্নিবিষ্ট কৰা হৈছে। খবৰ অনুসৰি ক্লিণ্টনে এপষ্টেইনৰ ব্যক্তিগত জেট বিমানত যাত্ৰা কৰিছিল। এই শতিকাৰ আৰম্ভণিতে ক্লিণ্টনে সেই বিমানত আফ্ৰিকালৈ মানৱীয় ভ্ৰমণলৈ গৈছিল। সেই সময়ত তেওঁ এপষ্টেইনক ‘দানবীৰ’ বুলিও অভিহিত কৰিছিল। অৱশ্যে পিছত ক্লিণ্টনে তেওঁৰ সৈতে বিচ্ছেদ ঘটায়।
লগতে পঢ়কঃ সবিশেষ তদন্ত হ’ব দেৰগাঁৱৰ ভয়াৱহ দুৰ্ঘটনাৰ : দিল্লীৰ পৰা আহিছে বিশেষজ্ঞৰ দল
জোহানা ছ’জবাৰ্গৰ জবানবন্দীত প্ৰকাশ পাইছে যে এপষ্টেইনে তেওঁক কৈছিল যে তেওঁ ২০০১ চনত আমেৰিকাৰ নিউ জাৰ্চি প্ৰদেশৰ এটা কেচিনোলৈ যোৱাৰ পথত ড’নাল্ড ট্ৰাম্পৰ সৈতে যোগাযোগ কৰিব। অৱশ্যে এই নথিখনত ট্ৰাম্পৰ বিৰুদ্ধে কোনো ধৰণৰ ‘অসৎ কাৰ্য্য’ৰ অভিযোগ উত্থাপন কৰা হোৱা নাছিল।