• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ICC Womens T20 World Cup 2023: ৰিচা-জেমিমাৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিলে ভাৰতে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 13, 2023 8:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্ক’ৰবোৰ্ডত বৃহৎ ৰাণ সংগ্ৰহ কৰাৰ পাছতো পাকিস্তানে পৰাজয় ৰক্ষা কৰিব নোৱাৰিলে। জেমিমা ৰড্ৰিগেজ আৰু ৰিচা ঘোষে নিউলেণ্ডছৰ কেপ টাউন ষ্টেডিয়ামৰ ২২ গজত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰে। ফলস্বৰূপে, অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু বাকী দলটো বিফল হ’লেও ভাৰতে চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰি টী-২০ বিশ্বকাপ অভিযান আৰম্ভ কৰে। জেমিমাই ৩৮ টা বলত ৫৩ ৰাণ কৰি আৰু ৰিচাই ২০ টা বলত ৩১ ৰাণ কৰি অপৰাজিত থাকে।  ভাৰতে ১৯ অভাৰত ৩ উইকেটত ১৫১ ৰাণ সংগ্ৰহ কৰি মেচখন জিকে।

যিকোনো পিটছত ১৫০ ৰাণ অনুসৰণ কৰাটোটো কঠিন। ইফালে, স্মৃতি মান্ধানাই আঘাতৰ বাবে খেলিব পৰা নাই। ফলত, বেটছমেনসকলৰ ওপৰত চাপ আছিল।  যেতিয়া চিৰপ্ৰতিদ্বন্দীৰ বিৰুদ্ধে ৰাণ কৰাৰ কথা আহে তেতিয়া এনেকুৱাই হয়। অনুৰ্ধ-১৯ টী-২০ বিশ্বকাপ বিজয়ী অধিনায়ক শেফালী বাৰ্মাই ইনিংছ আৰম্ভ কৰে। সংগী আছিল য়াষ্টিকা ভাটিয়া। তেওঁলোক দুয়োজনে ভাল আৰম্ভণি কৰে। কিন্তু দলৰ স্ক’ৰবোৰ্ডত ৩৮ ৰাণ সংগ্ৰহ হোৱাৰ সময়তে য়াষ্টিকাই ২০ টা বলত ১৭ ৰাণ কৰি উভতি আহে।

আনহাতে, শেফালীয়ে পৰিস্থিতিটো বুজি বেটিং কৰি আছিল। কিন্তু তেওঁৱো বেছি সময় পিটছত থাকিব নোৱাৰিলে। শেফালী নাছৰা সান্ধুৰ বলত ৩৩ ৰাণত আউট হয়। ছাইদ্ৰা আমিনে লং-অনত এটা ভাল কেচ ধৰে। ফলত ভাৰতে ৬৫ ৰাণত ২ টা উইকেট হেৰুৱায়।

হৰমনপ্ৰীত কৌৰে ভাৰতীয় দলটোক আত্মবিশ্বাস দিবলৈ ক্ৰীজলৈ আহে যদিও পাকিস্তানী বলাৰসকলে তেওঁলোকৰ ওপৰত চাপ সৃষ্টি কৰিছিল। হৰমনে দুটা চাৰি মাৰি নিজৰ উপস্থিতি জনাইছিল। কিন্তু অধিনায়কগৰাকীয়ে অপ্ৰয়োজনীয়ভাৱে শ্বট মাৰিবলৈ গৈ ১২ টা বলত ১৬ ৰাণ কৰি পেভলিয়নলৈ উভতি আহে। ভাৰতে ৯৩ ৰাণত ৩ টা উইকেট হেৰুৱায়।

কিন্তু বেকফুটত যোৱা স্বত্বেও ৰিচা ঘোষ আৰু জেমিমা ৰড্ৰিগেজে হাৰ মানি লোৱা নাছিল। ৰিচাই ভাগ্যৰ বলত দুবাৰ লাইফ পায়। তথাপি তেওঁ আক্ৰমণাত্মক মেজাজত বেটিং অব্যাহত ৰাখে। আনহাতে, জেমিমাইও প্ৰতিপক্ষৰ ওপৰত চাপ বৃদ্ধি কৰিছিল। চতুৰ্থ উইকেটৰ যুটীত ৫৮ ৰাণ যোগ কৰি ভাৰতৰ বিজয় নিশ্চিত কৰে। দুৰ্দান্ত প্ৰদৰ্শেনেৰে অৰ্দ্ধশতকৰ বাবে মেন অৱ দ্য মেচ হয় জেমিমা।

আনহাতে, ইয়াৰ পূৰ্বে ৪৩ ৰাণত ৩টা উইকেট হেৰুৱায় যদিও পাকিস্তানে প্ৰথমে বেটিং কৰি বৃহৎ ৰাণ সংগ্ৰহ কৰিছিল। পাকিস্তানৰ অধিনায়ক বিস্মা মাৰুফে অৰ্ধশতক অৰ্জন কৰে। আয়েশা নাছিমে শেষত তেওঁৰ সৈতে এক শক্তিশালী ইনিংছ খেলে। ৰাধা যাদৱৰ বাহিৰে টীম ইণ্ডিয়াৰ আন কোনো বলাৰে প্ৰভাৱ পেলাব নোৱাৰিলে। ফলত মহিলা ক্ৰিকেটত প্ৰথমবাৰৰ বাবে পাকিস্তান দলে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক স্ক’ৰ কৰে। পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত মূলত: বিস্মা আৰু আয়েশাৰ বেটৰ ওপৰত নিৰ্ভৰ কৰিচাৰিটা উইকেট হেৰুৱাই ১৪৯ ৰাণ সংগ্ৰহ কৰে।

বিস্মাই টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু আৰম্ভণিটো পাকিস্তানৰ বাবে ভাল নাছিল। দ্বিতীয় অভাৰত অপেনাৰ জাভেৰিয়া খান (৮) আউট হয়। তেওঁক দীপ্তি শৰ্মাই ঘূৰাই পঠিয়াইছিল। আন এজন অপেনাৰ মুনিবা আলজান (১২) সোনকালে উভতি যায়। নিদা দাৰে তাৰ পিছত শূন্য ৰাণতে আউট হৈ ওভতে। পাকিস্তানে ৪৩ ৰাণত ৩ টা উইকেট হেৰুৱাইছিল।

বিস্মাই তেতিয়া চাইদ্ৰা আমিনৰ সৈতে যুঁজ আৰম্ভ কৰে। কিন্তু যুটাটো বেছি সময় স্থায়ী নহ’ল। ৰাধা যাদৱে যুটীটো ভাঙে। ফলত পাকিস্তানে ৬৮ ৰাণত ৪ টা উইকেট হেৰুৱায়। চাপৰ মাজতো অৱশ্যে বিস্মা অটল হৈ থাকিল। তেওঁ আয়েশাৰ সৈতে লগ লাগি যুঁজ আৰম্ভ কৰে। দুয়োগৰীকয়ে পঞ্চম উইকেটৰ বাবে ৮১ ৰাণ যোগ দিয়ে।

পাকিস্তানৰ অধিনায়কগৰাকী আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক মেজাজত আছিল। পিছত আয়েশাই স্লগ অভাৰত হাত খুলি মাৰিবলৈ আৰম্ভ কৰে। ৰেণুকা ঠাকুৰৰ এটা অভাৰত আয়েশাই কেইবাটাও ডাঙৰ শ্বট খেলে। তাতেই খেলৰ গতি সলনি হয়। কেৱল বেয়া বলিঙে নহয়, শেষত দ্ৰুত ৰাণৰ মুখ্য কাৰণ আছিল বেয়া ফিল্ডিং আৰু কেচবোৰ মিছ কৰা। বিস্মাই ৪৫ টা বলত ৬৮ ৰাণ কৰি অপৰাজিত থাকে। আয়েশাই ২৫ টা বলত ৪৩ ৰাণ কৰি অপৰাজিত হৈ ৰয়। 

কিন্তু সেয়া যথেষ্ট নাছিল। যদিও আৰম্ভণিতে ভাৰতৰ বেটিং চাপত পৰিছিল,  ৰিচা আৰু জেমিমাৰ আক্ৰমণত পাকিস্তান পৰাজিত হয়। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয়খন খেল অহা ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। 

 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd