NORTHEAST NOW (Assamese)

পত্নীক হত্যা কৰি নিৰুদ্দেশ হোৱাৰ অভিযোগ স্বামীৰ: অৱশেষত আৰক্ষীৰ জালত

February 12, 2023 4:17 pm · এন ই নাও নিউজ, গুৱাহাটী

নিজ পত্নীক হত্যা কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে এগৰাকী ব্যক্তি। অভিযুক্ত এই ব্যক্তি গৰাকীয়ে নিজ পত্নীক হত্যা কৰি নিজকে ৰক্ষা কৰিবৰ বাবে আৰক্ষীৰ ওচৰত নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল বুলি জানিব পৰা গৈছে।

এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। ঝাৰখণ্ড আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে। গিৰ্ডিহৰ উপ-আৰক্ষী অধীক্ষক সঞ্জয় ৰাণাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ব্যক্তিগৰাকীক মনীষ বৰাণৱাল বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে, বৰাণৱালে ২০২২ চনৰ ১ জানুৱাৰীত মনীষ বৰাণৱালে পত্নী নিৰুদ্দেশ হোৱাৰ গোচৰ ৰুজু কৰিছিল। তেওঁ অভিযোগত ২০২১ চনৰ ১৪ ডিচেম্বৰৰ পৰাই পত্নী নিৰুদ্দেশ হোৱা বুলি উল্লেখ কৰিছিল।

আৰক্ষীয়ে তদন্তৰ পিছত বৰাণৱালেই পত্নীক হত্যা কৰাৰ সন্দেহ কৰে আৰু তেওঁক জেৰা কৰে। জেৰাত বৰাণৱালে পত্নীক হত্যা কৰি মৃতদেহটো এগৰাকী বন্ধুৰ ঘৰত পুতি থোৱা বুলি স্বীকাৰ কৰে।

আৰক্ষী বিষয়া সঞ্জয় ৰাণাই লগতে সদৰী কৰা মতে, মৃতদেহটোৰ অৱশিষ্ট কিছু অংশ বৰাণৱালে উল্লেখ কৰা স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা দেহৰ অংশসমূহৰ ডি এন এ পৰীক্ষা কৰা হ’ব বুলি তেওঁ লগতে কয়।

ইফালে অভিযুক্ত মনীষ বৰাণৱালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে হত্যাকাণ্ডত জড়িত আন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰিছে।

Related News