জল্পনা কল্পনাৰ অৱসান ঘটিল : নিৰ্বাচিত হ’ল তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য; গ্ৰহণ কৰিলে শপত

index.jpgbb

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপি অগপ মিত্ৰজোঁটে পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছিল।

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদটোক লৈ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা আৰু মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মাজত এক টনা-আজুৰা পৰিবেশৰ সৃষ্টি হৈ আছিল যদিও বিজেপি ৰাজ্যিক নেতৃত্বই ৪নং কোঁৱৰগাঁও পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা জীৱন চন্দ্ৰ কোঁৱৰক মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত কৰি সকলো জল্পনা কল্পনাৰ অন্ত পেলায়।

উল্লেখ্য যে মুখ্য কাৰ্যবাহী সদস্য পদটোৰ বাবে বহু কেইগৰাকী সদস্যৰ নাম চৰ্চাত আছিল যদিও শেষত  তিৱা স্বায়ত্ত পৰিষদত দুবাৰকৈ  কাৰ্যবাহী সদস্যৰ আসন অলংকৃত কৰা জীৱন চন্দ্ৰ কোঁৱৰে মুখ্য কাৰ্যবাহী সদস্যৰ পদ দখল কৰিবলৈ সক্ষম হয়।

মৰিগাঁও পবিতৰা হাট পেক্ষাগৃহত আজি নৱ নিৰ্বাচিত তিৱা স্বায়ত্ত পৰিষদ গঠন আৰু শপত গ্ৰহণ অনুষ্ঠানত অধ্যক্ষ হিচাপে মদন বৰদলৈ, উপাধ্যক্ষ হিচাপে অংকুৰ দেউৰী, মুখ্য কাৰ্যবাহী সদস্যৰূপে জীৱন কোঁৱৰ, উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে তুলসী বৰদলৈৰ লগতে কাৰ্যবাহী সদস্য হিচাপে খগেন চন্দ্ৰ বৰদলৈ, মদন দেউৰী, বিনয় কোঁৱৰ, বিনীতা দৈমাৰী, মিহিৰাম বৰদলৈ, প্ৰণৱ জ্যোতি মচৰং, সুৰুয কোঁৱৰ, বিশ্বজিৎপাটৰ, জবা ইংতি, পৰেশ ৰংহাংয়ে শপত গ্ৰহণ কৰে।

আজিৰ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল জাগীৰোড সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুজ হাজৰিকা, মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, ৰহা সমষ্টিৰ বিধায়ক গুনেশ্বৰ দাস, দিশপুৰ সমষ্টিৰ বিধায়ক অটুল বৰাৰ লগতে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস আৰু আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা।