মই একো নকওঁ, বিজেপিক ২১ত অসমৰ ৰাইজে প্ৰত্যুত্তৰ দিব : জীতেন্দ্ৰ সিং

a44ee655-934a-4bf4-b481-4ab5f33cdba2

ফটো: নৰ্থইষ্ট নাও

‘মই বিজেপিৰ কথা একো নকওঁ। বিজেপিক প্ৰত্যুত্তৰ অসমৰ ৰাইজে ২০২১ চনৰ নিৰ্বাচনত দিব।‘ ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছ, NSUI আৰু মহিলা কংগ্ৰেছৰ সৈতে এক আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত এইদৰে কয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা তত্বাবধায়ক জীতেন্দ্ৰ সিঙে।

ইপিনে, ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা আলোচনাত তেওঁ সকলো কংগ্ৰেছী কৰ্মীকে ২০২১ৰ নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনায়।

তদুপৰি, নগাঁওত কংগ্ৰেছৰ যি লবী কেন্দ্ৰিক সংঘাত হৈছিল সেই সন্দৰ্ভত জিতেন্দ্ৰ সিঙে কয়, “কংগ্ৰেছৰ কৰ্মী সকলৰ মাজত কোনো বিবাদ নাই। আমি সকলোৱে একজোট হৈ কাম কৰি আছো। পৰিয়ালৰ মাজত এনেকুৱা সৰু সৰু সংঘাত হয়েই। পৰিয়ালৰ তিনি চাৰি জন লোকৰ মাজত যদি মতভেদ হয় তাক বিবাদ বুলি ক’ব নোৱাৰি।‘

আনহাতে, তেওঁৰ হাতত আহি পৰা তথ্য অনুসৰি বিজেপিৰ চাৰি-পাঁচজন যুৱ কৰ্মীয়েহে আহি ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ লগত সংঘাতত লিপ্ত হোৱা বুলি দাবী কৰাৰ লগতে ৰকি-প্ৰদ্যুত বাহিনীৰ সংঘাত গাপ দিয়াৰ চেষ্টা কৰে।

‘আমাৰ হাতত আহি পোৱা তথ্য অনুসৰি ভাৰতীয় জনতা পাৰ্টী আৰু কিছুমান আচিনাক্ত লোকে আহি আমাৰ মাজত বিভেদ সৃষ্টি কৰিবৰ বাবে বা সংবাদ মাধ্যমত আমাৰ শিৰোনাম সলনি কৰিবৰ বাবে তেওঁলোকে এইবোৰ কৰিছিল।‘ ৰকি-প্ৰদ্যুত বাহিনীৰ সংঘাত গাপ দিবলৈ চেষ্টা কৰি এইদৰে কয় জীতেন্দ্ৰ সিঙে।