অৱশেষত হৰিদ্বাৰ ধৰ্ম সংসদত বিদ্বেষমূলক মন্তব্যৰ বাবে ‘অন্যতম অভিযুক্ত’ক গ্ৰেপ্তাৰ

WhatsApp Image 2022-01-14 at 11.47.47 AM

হৰিদ্বাৰ ধৰ্ম সংসদত বিদ্বেষমূলক মন্তব্য কৰা ঘটনাৰ ক্ষেত্ৰত উত্তৰাখণ্ড আৰক্ষী সক্ৰিয় হৈ পৰিছে। যোৱা ১৭ৰ পৰা ১৯ ডিচেম্বৰলৈকে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ বেদ নিকেতন ধামত অনুষ্ঠিত ধৰ্ম সংসদত উপস্থিত সাধুসকলে উচটনিমূলক মন্তব্য প্ৰদান কৰি হিংসাৰ আহ্বান জনাই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল।

সেই ধৰ্ম সংসদত উপস্থিত আছিল ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ ত্যাগী। উক্ত উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে দিয়া এজাহাৰত ৱাছিম ৰিজভিৰ নাম প্ৰথমতে আছিল। সেইজন ৰিজভি ওৰফে জিতেন্দ্ৰ ত্যাগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এজাহাৰত যতি নৰসিংহনন্দ আৰু সাগৰ সিন্ধু মহাৰাজৰ নামো সন্নিৱিষ্ট কৰা হৈছে। সেইদৰে নাম আছে ধৰ্মদাস মহাৰাজ, সন্যাসিনী অন্নপূৰ্ণাৰ নামো। তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই।

লগতে পঢ়ক:উত্তৰ প্রদেশত আজি ৮জন বিজেপি বিধায়কে যোগদান কৰিব সমাজবাদী পাৰ্টিত 

দৰাচলতে এই ঘটনাৰ মূল অভিযুক্ত হৈছে সংখ্যালঘু বিৰোধী হিচাপে পৰিচিত বিতৰ্কিত ব্যক্তি যতি নৰসিংহনন্দ। বিভিন্ন পক্ষৰ পৰা তেওঁৰ নাম এই গোচৰত সন্নিৱিষ্ট কৰাৰ দাবী উঠাৰ পাছত যতি নৰসিংহনন্দৰ নাম অন্তৰ্ভুক্ত কৰা হয় যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই।  

ইতিমধ্যে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাপূৰ্ণ মন্তব্য দাঙি ধৰাৰ ঘটনাৰ নিৰপেক্ষ তথা স্বতন্ত্ৰ তদন্তৰ আবেদন জনাই উচ্চতম ন্যায়ালয় গোচৰ তৰা হৈছে। বিভিন্ন মহলৰ পৰা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অবিযোগ উত্থাপন হৈছিল।

লগতে পঢ়ক:Covid-19 Update: দেশত ২৪ ঘটনাত আক্ৰান্ত ২লাখ ৬৪হাজাৰ; পজিটিভিটিৰ হাৰ ১৪শতাংশ অতিক্ৰম

তাৰ মাজতেই উচ্চতম ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ দুদিন পূৰ্বে উত্তৰাখণ্ড চৰকাৰক জাননী জাৰি কৰিছিল। সেই জাননীৰ পাছতেই এতিয়া তৎপৰতা প্ৰদৰ্শন কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে।