NORTHEAST NOW (Assamese)

কাশ্মীৰত নিষিদ্ধ অৰুন্ধতী ৰায়, এ জি নুৰাণী, ভিক্টোৰিয়া স্কোফিল্ডৰ দৰে লেখকৰ ২৫খন গ্ৰন্থ

August 7, 2025 2:15 pm ·

জম্মু-কাশ্মীৰ চৰকাৰে প্ৰখ্যাত সাহিত্যিক অৰুন্ধতী ৰায়ৰ গ্ৰন্থকে ধৰি ২৫খন গ্ৰন্থক নিষিদ্ধ ঘোষণা কৰিছে। লেখক আৰু গ্ৰন্থসমূহে ৰাষ্ট্ৰ সন্দৰ্ভত ভুৱা বা বিভ্ৰান্তিকৰ ব্যাখ্যা দি উগ্ৰপন্থীক মহিমামণ্ডিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আন আন প্ৰখ্যাত সাহিত্যিকসকলৰ ভিতৰত মৌলানা মৌদাদী, এ জি নুৰাণী, ভিক্টোৰিয়া স্কোফিল্ড আৰু ডেভিদ দেৱদাস অন্যতম।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে একাংশ সাহিত্যিক গ্ৰন্থই জম্মু-কাশ্মীৰ সম্পৰ্কে ভুৱা ব্যাখ্যা দি বিচ্ছিন্নতাবাদক সমৰ্থন কৰা মতামত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত চৰকাৰে লাভ কৰিছে তথ্য। বিশ্বাসযোগ্য চোৰাংচোৱাৰ সূত্ৰৰ পৰা লাভ কৰা তদন্ত আৰু প্ৰমাণৰ ভিত্তিত চৰকাৰে এই সিদ্ধান্তত উপনীত হৈছে। পৰ্যবেক্ষণ কৰা হৈছে যে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ মাজত হিংসা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক উৎসাহিত কৰাৰ স্বাৰ্থত ঐতিহাসিক বা ৰাজনৈতিক ধাৰাভাষ্যৰ আঁৰত সাহিত্যিক ৰচনাৰ নামত মিছা বক্তব্য আৰু বিচ্ছিন্নতাবাদৰ বিষ বিয়পাই দিয়া হৈছে।

সাহিত্যিক ৰচনা বুলি অভিহিত এই গ্ৰন্থসমূহে যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰি সন্ত্ৰাসবাদক গৌৰৱৰ প্ৰতীক হিচাপে দেখুৱাইছে। যিটোক কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যৰ প্ৰৰোচনা বুলি গণ্য কৰে। এই নিৰ্দেশনাত আৰু কোৱা হৈছে যে সাহিত্য যুৱক-যুৱতীসকলৰ মানসিকতা সলনি কৰাৰ এক শক্তিশালী মাধ্যম। যাতে তেওঁলোকৰ মনত অভিযোগ আৰু বঞ্চনাৰ ক্ষোভ বিস্ফোৰণ ঘটাব পাৰে। ফলত কাশ্মীৰী যুৱকে হিংসাত্মক প্ৰতিশোধ আৰু উগ্ৰপন্থীক বীৰত্বৰ গৌৰৱ বুলি ভাবিবলৈ আৰম্ভ কৰিব পাৰে।

ইয়াত আৰু কোৱা হৈছে যে এই সাহিত্যিক ৰচনাসমূহে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ মাজত উগ্ৰবাদ বিয়পাইছে। উদাহৰণস্বৰূপে, গ্ৰন্থসমূহে ঐতিহাসিক সত্যক বিকৃত কৰে, সন্ত্ৰাসবাদক মহিমামণ্ডিত কৰে, নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে ঘৃণা উচটনি দিয়ে, ধৰ্মীয় মৌলবাদক প্ৰসাৰিত কৰে, বিচ্ছিন্নতাৰ ভাৱ জগাই তুলিছে, হিংসাৰ মতাদৰ্শৰ বীজ সিঁচিছে আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰিছে। এই কাৰণতে ২৫খন গ্ৰন্থ চিনাক্ত কৰা হৈছে। সেয়ে ভাৰতীয় নাগৰিক সুৰক্ষা আইন, ২০২৩ৰ ৯৮ নং ধাৰাৰ অধীনত এই গ্ৰন্থসমূহ জব্দ কৰি ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে বিপদজনক বুলি গণ্য কৰে চৰকাৰে এই ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা প্ৰয়োগ কৰা হৈছে।

প্ৰসংগক্ৰমে ২৫ খন গ্ৰন্থৰ ভিতৰত ইছলাম ধৰ্মগুৰু তথা জামাত-ই-ইছলামীৰ প্ৰতিষ্ঠাপক মৌলানা মুদাদীৰ ‘আল জেহাদুল ফিল ইছলাম, অষ্ট্ৰেলিয়াৰ লেখক ক্রিষ্টোফাৰ স্নেডেনৰ ‘ইনডিপেনডেণ্ট কাশ্মীৰ, ডেভিদ দেৱদাসৰ ‘ইন চাৰ্চ অৱ এ ফিউচাৰ: দ্য ষ্টৰী অৱ কাশ্মীৰ, ভিক্টোৰিয়া শ্বফিল্ডৰ ‘কাশ্মীৰ ইন কনফ্লিক্ট (ইণ্ডিয়া, পাকিস্তান এণ্ড দ্য অনেণ্ডিং ৱাৰ)’ আদি। এ জি নুৰানীৰ  ‘কাশ্মীৰ বিবাদ (১৯৪৭-২০১২)’  আৰু অৰুন্ধতী ৰায়ৰ ‘আজাদী। লগতে নিষিদ্ধ লেখকৰ তালিকাত আছে বিখ্যাত সমাজ বিজ্ঞানী সুমন্ত বসু, ইতিহাসবিদ আয়েছা জালাল আৰু সুগতা বসু্ৰ নামো।

Related News