NORTHEAST NOW (Assamese)

কাশ্মীৰত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ কামাণ্ডাৰক গ্ৰেপ্তাৰ

June 28, 2021 10:56 pm · এন ই নাও নিউজ

কাশ্মীৰত লস্কৰ-ই-তৈবাৰ এজন দুৰ্ধৰ্ষ কামাণ্ডাৰক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জন্মু আৰু কাশ্মীৰৰ লায়াপোৰাত ২৫ মাৰ্চত চিআৰপিএফৰ ওপৰত চলোৱা আক্ৰমণত জড়িত থকা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ আবৰাৰ নাদিম ভাটক আজি শ্ৰীনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ মতে উত্তৰ কাশ্মীৰৰ চুপুৰে আৰক্ষী চকীৰ এটা বাছ আস্থানত সংঘটিত গ্ৰেণেড বিস্ফোৰণত সন্ত্ৰাসবাদী সংগঠনটোৰ উক্ত নেতা জন জৰিত আছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী জনক মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰু জেৰাত তেওঁ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰিছে।

ইপিনে আৰক্ষীয়ে কিছুদিন পূৰ্বে দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।
ধৃত দুয়োগৰাকী লোক সন্ত্ৰাসবাদী সংগঠনটোৰ অ’ভাৰগ্ৰাউণ্ড কৰ্মী হিচাপে কাম কৰি অহা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Related News