আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ উপদেষ্টা পদত ভাৰতীয় মূলৰ নীৰা টেণ্ডন

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আভ্যন্তৰীণ নীতি বিষয়ক উপদেষ্টা পদত অধিষ্ঠিত হ’ল ভাৰতীয় মূলৰ নীৰা টেণ্ডন। ইয়াৰ পূৰ্বে এই পদত অধিষ্ঠিত আছিল চুজান ৰাইছ ।

হোৱাইট হাউছৰ কাউন্সিল অন ডমেষ্টিক পলিচিৰ নেতৃত্ব দিয়া নীৰা টেণ্ডন হ’ল প্ৰথমগৰাকী এছিয়ান-আমেৰিকান।

হোৱাইট হাউছৰ তিনিটা শীৰ্ষ নীতি পৰিষদৰ ভিতৰত ই অন্যতম। ইয়াৰ পূৰ্বে নীৰা টেণ্ডনে ৰাষ্ট্ৰপতি বাইডেনৰ জ্যেষ্ঠ উপদেষ্টা আৰু হোৱাইট হাউছৰ ষ্টাফ চেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

লগতে পঢ়ক: আমেৰিকাৰ টেক্সাছৰ শ্বপিং মলত গুলীচালনাৰ ঘটনাত ৯ জন নিহত; বন্দুকধাৰীক গুলীয়াই হত্যা আৰক্ষীৰ

এই নিযুক্তি সন্দৰ্ভত এক বিবৃতিত ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘নীৰা টেণ্ডনক নিযুক্তি দি মই আনন্দিত হৈছো। তেওঁ বৰ্ণ সমতা, অৰ্থনৈতিক গতিশীলতাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা, অনুপ্ৰৱেশ, আৰু শিক্ষালৈকে মোৰ আভ্যন্তৰীণ নীতি প্ৰণয়ন আৰু আগুৱাই নিয়াৰ কাম কৰিব। ৰাজহুৱা নীতি প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ ২৫ বছৰীয়া অভিজ্ঞতা আছে।‘

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু বাৰাক ওবামাৰ প্ৰশাসনতো কাম কৰাৰ অভিজ্ঞতা আছে নীৰাৰ। তেওঁ বাইডেনৰ নিৰ্বাচনী প্ৰচাৰৰো কাম কৰিছিল। তেওঁক থিংক টেংক হিচাপে গণ্য কৰা হয়।

লগতে পঢ়ক: ৰাজতন্ত্ৰ বিৰোধী বিক্ষোভ; ৰজা চাৰ্লছৰ ৰাজ অভিষেকৰ পূৰ্বে লণ্ডনত ৫২জনক গ্ৰেপ্তাৰ

নীৰাই চেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছ এণ্ড চেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছ একচন ফাণ্ডৰ সভানেত্ৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।