ইংলেণ্ডৰ ভয়াৱহ বেগী বলাৰ জোফ্ৰা আৰ্চাৰক দলৰ পৰা বাহিৰ কৰি দিলে ব’ৰ্ডে

আজি ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ মাজত আৰম্ভ হ’ব শৃংখলাৰ দ্বিতীয়খন টেষ্ট। কিন্তু দ্বিতীয়খন মেচৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডৰ সন্মুখত দেখা দিছে এক সংকটে।

ইংলেণ্ড ক্ৰিকেট দলৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰে দ্বিতীয়খন মেচত অংশ ল’ব নোৱাৰিব।

কিয়নো ক’ৰ’নাৰ পৰা হাত সাৰিবলৈ বনোৱা বায়’ চিকিউৰ প্ৰটোকল ভংগ কৰাৰ অপৰাধত তেওঁক দ্বিতীয়খন মেচৰ পৰা বহিস্কাৰ কৰা হয়।

জোফ্ৰা আৰ্চাৰে এতিয়া অহা ৫ দিনলৈ আইছ’লেশ্যনত থাকিব লগিব। এই সময়ত তেওঁৰ দুটা টেষ্ট কৰা হ’ব আৰু দুয়োটা টেষ্টতে নিগেটিভ আহিলেহে তেওঁ দলত পুনৰ যোগ দিব পাৰিব।

অৱশ্যে আৰ্চাৰে কৰা ভুলৰ বাবে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ ওচৰত ক্ষমা খুজিছে যদিও ব’ৰ্ডে বান্ধি দিয়া নিয়ম অনুসৰি তেওঁ দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ হৈ থাকিব।

আজি দুপৰীয়া ৩ বজাৰ পৰা মানচেষ্টাৰৰ অ’ল ট্ৰেফৰ্ড ষ্টেডিয়ামত আৰম্ভ হ’ব শৃংখলাৰ দ্বিতায়খন টেষ্ট মেচ।

উল্লেখ্য যে প্ৰথমখন মেচত ঘৰুৱা দল ইংলেণ্ডক পৰাস্ত কৰি ৱেষ্ট ইণ্ডিজ দলে শৃংখলাত ১-০ৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লৈছে।