মিত্ৰতামূলক সম্পৰ্ক : অহা মাহত ভাৰত ভ্ৰমণ কৰিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে মংগলবাৰে জনায় যে দেশখনৰ বৈদেশিক নীতিসমূহ সলনি কৰা হ’ব।

নতুন বৈদেশিক নীতি অনুযায়ী দেশখনে ভাৰত তথা দক্ষিণ এছিয়াৰ দেশসমূহৰ স’তে মিত্ৰতাত গুৰুত্বপ্ৰদান কৰিব।

ভাৰতৰ স’তে মিত্ৰতাক কটকটীয়া কৰাৰ উদ্দেশ্য হৈছে চীন আৰু ৰাছিয়া।

প্ৰধানমন্ত্ৰীজনে কয় যে ব্ৰিটেইনৰ সুৰক্ষাৰ বাবে চীন আৰু ৰাছিয়া ভাবুকিস্বৰূপ হৈ পৰিছে।

উল্লেখযোগ্য যে, ব্ৰেক্সিট গঠন কৰি ইউৰোপীয়ান ইউনিয়ন ত্যাগ কৰাৰ পাছত ব্ৰিটেইনৰ এই স্থিতি চৰ্চিত হৈ পৰিছে।

প্ৰধানমন্ত্ৰীজনে ভাৰতলৈ অহা মাহত বন্ধুত্বমূলক ভ্ৰমণ কৰিব।

উল্লেখযোগ্য যে ইউৰোপীয়ান ইউনিয়ন ত্যাগ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিব।

আনহাতে বছৰটোৰ শেষৰফালে দক্ষিণ এছিয়ালৈ আহিব ব্ৰিটেইনৰ কুইন এলিজাবেথ।

তদুপৰি, প্ৰধানমন্ত্ৰীজনে কয় যে অহা দশকটোৰ বাবে তেওঁৰ চৰকাৰৰ মূল কাম হ’ব জলবায়ু আৰু জৈৱ বৈচিত্ৰতাৰ সুৰক্ষা।

চীন আৰু ৰাছিয়াৰ নাম উল্লেখ নকৰিলেও প্ৰধানমন্ত্ৰীজনে সাংবাদিকক কয় যে, ব্ৰিটেইনে বাকস্বাধীনতা আৰু গণতান্ত্ৰিক আদৰ্শক বিশ্ব প্ৰেক্ষাপটত সুৰক্ষা প্ৰদান কৰাটো জৰুৰী।