গুৱাহাটী বিশ্ববিদ্যালয়ত ‘জোনাকী’ শীৰ্ষক উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

Jonaki Film Festival

জোনাকী চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী মুহূৰ্তত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্য্যসূচীৰে ‘জোনাকী’ শীৰ্ষক চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিছে।

বিশ্ববিদ্যালয় সংগীত জিলিকাব লুইতৰে পাৰেৰে চলচ্চিত্ৰ মহোৎসৱখনি শুভাৰম্ভ কৰা হয়।

চলচ্চিত্ৰ মহোৎসৱখনি শুভৰাম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডীন সৌৰভ প্ৰাণ গোস্বামীয়ে।

চলচিত্ৰ মহোৎসৱখনিৰ শুভৰাম্ভনি অনুষ্ঠানত মুখ্য অতিথি হিচাপে সাংস্কৃতিক বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেন উপস্থিত থকাৰ লগতে সাস্কৃতিক বিভাগৰ সঞ্চালক বিষ্ণুকমল বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সচিৱ দিলীপ বৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিলোৎপল বৰা, বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অচিন্ত শংকৰ, ভূপেন চক্ৰৱৰ্তী, ড০ গৌতম দাস।

উপস্থিত অতিথি সকলক গামোচা, কিতাপৰ টোপোলাৰ লগতে এটি গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

চলচ্চিত্ৰ মহোৎসৱখনিত আদৰণি ভাষণ আগবঢ়াই যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই৷

‘‘ভাল চিনেমাই মানসিক পৰিৱৰ্তনতে নহয় ব্যৱহাৰিক পৰিৱৰ্তনতো প্ৰভাৱ পেলাই ৷ জোনাকীলৈ অভূতপূৰ্ব সহাৰি ৷ এহেজাৰতকৈও অধিকে দৰ্শকে এই মহোৎসৱত ভাগ ল’ব,’’ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই কয়।

মুখ্য অতিথি মাধুৰিমা বৰুৱা সেনে ‘জোনাকী’ৰ এই  প্ৰচেষ্টাৰ জৰিয়তে সুস্থ আৰু মননশীল চলচিত্ৰই সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি কয়৷

আনহাতে, অধ্যাপক দিলীপ বৰাই কয় ‘‘এই দুদিন বিনোদনৰ মাজেৰে মনৰ উৎকৰ্ষ সাধন হ’ব ৷ অসমত ক’লা গ্ৰহণ কৰাৰ বাবে এটা মানসিকতা লাগিব।’’

বিশ্ববিদ্যালয়ৰ ফণীধৰ বৰুৱা আৰু এ টি প্ৰেক্ষাগৃহত মহোৎসৱখনিৰ ছবিবোৰ প্ৰদৰ্শিত কৰা হ’ব।

জোনাকী চলচ্চিত্ৰ মহোৎসৱত বড়ো আৰু মিচিং ভাষাৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।

অংকুৰণ দত্তৰ পৰিচালিত ‘ষ্টকিং দ্য ষ্ট্ৰকছ’ নামৰ ছবিখনেৰে মহোৎসৱখনি আৰম্ভ কৰা হয়।

চলচ্চিত্ৰ মহোৎসৱখনিৰ লগত সংগতি ৰাখি এনিমেচন ছবিৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে।

জ০ গৌতম দাসে কৰ্মশালাত এনিমেচন  সন্দৰ্ভত অংশগ্ৰহণ কৰা সকলক প্ৰশিক্ষণ প্ৰদান কৰে।