যোৰহাটত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত : ৪০ ভোটকেন্দ্ৰ অতি সংবেদনশীল

IMG_20181107_112859

যোৰহাটত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে। জিলাখনত চলিত বছৰৰ ডিচেম্বৰৰ ৫ তাৰিখে ভোটগ্ৰহণ কৰা হ’ব। জিলা প্ৰশাসনে জিলাখনৰ ১৩৫টা ভোটকেন্দ্ৰ অতি সংবেদনশীল বুলি ঘোষণা কৰিছে আৰু এই কেইটাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

যোৰহাটৰ মহকুমা সদৰত অনুষ্ঠিত এখন সংবাদমেলত জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰ আৰু আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰে পঞ্চায়ত নিৰ্বাচনৰ প্পস্তুতিৰ সম্পৰ্কত এটা চমু আভাষ দাঙি ধৰে।

আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে যে যোৰহাট মহকুমাৰ অন্তৰ্গত ৪০টা ভোটকেন্দ্ৰ অতি সংবেদনশীল, ১৯২টা সংবেদনশীল আৰু ৩৭৭টা ভোটকেন্দ্ৰ তুলনামূলকভাৱে নিৰাপদ। তেওঁ আৰু কৈছে যে নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা বিষয়াসকলৰ বাবে এটা ২৪ x ৭ ঘণ্টীয়া হেল্পলাইন মুকলি কৰিব।

তেওঁ আৰু কৈছে যে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে মহকুমাখনক ৬টা মণ্ডল আৰু ৩১টা খণ্ডত বিভক্ত কৰা হৈছে। মহকুমাখনত ৫৭ গাঁও পঞ্চায়ত, ৫খন আঞ্চলিক পৰিষদ আৰু ১২খন জিলা পৰিষদ সমষ্টি আছে। কোঁৱৰে আৰু কৈছে যে যোৰহাট মহকুমাত মুঠ ৩৫১,৭৩৯ গৰাকী ভোটদাতা আছে আৰু তাৰে ভিতৰত ১৭৯২৬৭ গৰাকী পুৰুষ আৰু ১৭২৪৭২ গৰাকী মহিলা ভোটদাতা। মহকুমাখনত মুঠ ভোটকেন্দ্ৰ আছে ৬০৯টা।

প্ৰশাসনাৰ তৰফৰ পৰা জনোৱা হৈছে যে গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিম্নতম শিক্ষাগত অৰ্হতা ৬ষ্ঠ শ্ৰেণী উত্তীৰ্ণ, আঞ্চলিক পৰিষদৰ বাবে ৮ম শ্ৰেণী উত্তীৰ্ণ আৰু জিলা পৰিষদৰ বাবে উচ্চতৰ মাধ্যমিক উক্তীৰ্ণ হ’ব লাগিব।

আনহাতে তিতাবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া এন চাংমায়ে কৈছে যে মহকুমাটোক ৬টা মণ্ডলত ভাগ কৰা হৈছে। ইয়াত ৭টা জিলা পৰিষদ, ৪টা আঞ্চলিক পৰিষদ আৰু ৩৩টা গাওঁ পঞ্চায়ত সমষ্টি আছে।

তিতাবৰ মহকুমাত ৩৪৭টা ভোটকেন্দ্ৰ আছে। ইয়াত ২১১৪২৪গৰাকী ভোটাৰ আছে। ইয়াৰে ১০৫৯৩৫গৰাকী পুৰুষ আৰু ১০৫৪৮গৰাকী মহিলা ভোটাৰ। চাংমায়ে কৈছে কৰিছে যে তিতাবৰ মহকুমাৰ অন্তৰ্গত ৯৫টা ভোটকেন্দ্ৰ অতি সংবেদনশীল, ১২০টা সংবেদনশীল আৰু ১৩২টা ভোটকেন্দ্ৰ নিৰাপদ।

জিলা পৰিষদ, আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীসকলে মহকুমা বিষয়াৰ ওচৰত তেওঁলোকৰ মনোনয়নপত্ৰ জমা দিব পাৰিব। ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থীসকলে সংশ্লিষ্ট খণ্ড উন্নয়ন কাৰ্যালয়ত মনোনয়নপত্ৰ জমা দিব পাৰিব। চাংমায়ে জনাইছে যে হেল্পলাইন নম্বৰ হৈছে 03771248050।