৩ ফুট তললৈ বহি গৈছে যোশীমঠ, এন জি আৰ আই প্ৰতিবেদনত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য 

বিপদত পৰিছে দেৱভূমি! উত্তৰাখণ্ডৰ যোশীমঠৰ অৱস্থা ভয়াৱহ। যোশীমঠৰ কিছুমান অঞ্চল প্ৰায় ৩ ফুট পৰ্যন্ত বহি গৈছে। শেহতীয়াকৈ হায়দৰাবাদৰ নেশ্যনেল জিঅ’ফিজিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ (এন জি আৰ আই) জৰীপ প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। 

শেহতীয়াকৈ হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মাজত হোৱা বিপৰ্যয়ৰ পিছত সামগ্ৰিক পৰিস্থিতিৰ ওপৰত চকু ৰাখিবলৈ ৮টা কেন্দ্ৰীয় প্ৰতিষ্ঠানে তদন্তৰ কাম হাতত লৈছিল। সেই তদন্তৰ পিছত এন জি আৰ আইয়ে ৪৩ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদন অনুসৰি দুৰ্যোগৰ সময়ত ১০০ ফুটতকৈও অধিক গভীৰতালৈকে ফাট মেলিছিল যোশীমঠৰ ভূমি। 

এন জি আৰ আইৰ প্ৰতিবেদন অনুসৰি যোশীমঠৰ সুনীল, মনোহৰ বাগ আৰু সিংধৰ অঞ্চল উলম্বভাৱে প্ৰায় ৪৫ চেণ্টিমিটাৰ তললৈ বহি গৈছে ভূমি। 

প্ৰসংগক্ৰমে, ইটোৰ পিছত সিটোকৈ প্ৰাকৃতিক দুৰ্যোগে ধ্বংস মাতি আনিছিল দেৱভূমি যোশীমঠৰ।  দুৰ্যোগৰ কাৰণ বিচাৰি উলিয়াবলৈ কেন্দ্ৰটোৰ দ্বাৰা পৰিচালিত ৮টা সংস্থাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত যোশীমঠৰ সামৰ্থ্য আৰু বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ জৰীপ কৰে। 

এই সংস্থাসমূহৰ ভিতৰত আছে, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থা (এন ডি এম এ), কেন্দ্ৰীয় বিল্ডিং ৰিচ’ৰ্চ ইনষ্টিটিউট, (চি বি আৰ আই), ভাৰতীয় ভূতাত্ত্বিক জৰীপ (জি এছ আই), ৰাষ্ট্ৰীয় ভূ-পদাৰ্থ গৱেষণা প্ৰতিষ্ঠান, কেন্দ্ৰীয় ভূ-পদাৰ্থ ব’ৰ্ড, ভাৰতীয় দূৰৱৰ্তী সংবেদন প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় জলবিজ্ঞান প্ৰতিষ্ঠান আৰু আই আই টি ৰুৰকী। এই ৮টা সংগঠনে যৌথভাৱে ১৩০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনৰ নাম ‘পষ্ট ডিজাষ্টাৰ নিড এচেছমেণ্ট’ (পিডিএনএ)।

এই প্ৰতিবেদনত যোশীমঠৰ ভয়াবহ পৰিস্থিতিৰ ছবিখন পোহৰলৈ আহিছে। প্ৰতিবেদনত যোশীমঠক ‘উচ্চস্তৰৰ ভূমিকম্প প্ৰৱণ’ আৰু ‘নিৰ্মাণ ক্ষমতা নথকা অঞ্চল’ হিচাপেও উল্লেখ কৰা হৈছে।