বৰপেটাৰোডৰ সাংবাদিক আব্দুল খালেক আহমেদক দুৰ্বৃত্তৰ আক্ৰমণ

আব্দুল খালেক আহমেদ

বৰপেটাৰোড প্ৰেছ ক্লাবৰ উপ- সভাপতি তথা “ইটিভি ভাৰত”ৰ বৰপেটাৰোডৰ সাংবাদিক আব্দুল খালেক আহমেদক দেওবাৰে নিশা উত্তৰ বৰপেটাৰোডত একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰে।

দুৰ্বৃত্তৰ দলটোৰ আক্ৰামণত সাংবাদিক খালেক আহমেদ আহত হয় ৷

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১১:৩০ মান বজাত উত্তৰ বৰপেটাৰোডৰ মূল পথৰ দাতিত দুটা পক্ষৰ মাজত কাজিয়া হৈছিল ৷ সেই বাতৰি সংগ্ৰহৰ বাবে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ সংক্ৰান্তত যাৱতীয় ভিডিঅ’ সংগ্ৰহ কৰিছিল সাংবাদিক আব্দুল খালেক আহমেদে ৷

ইয়াৰ বাবে একাংশ লোকে সাংবাদিক গৰাকীক আক্ৰমণ কৰাৰ লগতে তেওঁৰ লগত থকা মোবাইল দুটা কাঢ়ি লৈ যায় ৷

স্বজল সৰকাৰ নামৰ যুৱকজনৰ নেতৃত্বত কিছু সংখ্যক যুৱকে আক্ৰমণ কৰা বুলি সাংবাদিক গৰাকীয়ে উল্লেখ কৰে ৷

এই আক্ৰমণত বিজেপি নেতাৰ নামো সাঙোৰ খাই পৰিছে বুলি জানিব পৰা গৈছে ৷

আজি সাংবাদিক আহমেদৰ আঘাত গুৰুতৰ হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ঘটনা সন্দৰ্ভত সাংবাদিক গৰাকীয়ে বৰপেটাৰোড থানাত এজাহাৰ দাখিল কৰিছে ৷

আনহাতে, বৰপেটাৰোড প্ৰেছ ক্লাবত অনুস্থিত এখন সভাত খালেকক কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী জনোৱা হয় ৷