পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

এইবাৰ পোহৰলৈ আহিছে লখিমপুৰ জিলাৰ এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ কুকৰ্ম। উল্লেখ্য যে দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰ বিৰুদ্ধে আছিল দূৰ্নীতিৰ বিভিন্ন অভিযোগ। দীৰ্ঘদিন ধৰি সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী কৰি আহিছিল পাভ আঞ্চলিক আমছুকে ধৰি স্থানীয় দল সংগঠনে। 

এই অভিযোগৰ ভিত্তিতে শুক্ৰবাৰে পঞ্চায়ত সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে থকা অভিযোগৰ তদন্ত কৰিবলৈ আহিছিল জিলা প্ৰশাসনৰ এটা তদন্তকাৰী দল। সেই সম্পৰ্কে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল এগৰাকী স্থানীয় সাংবাদিকে। 

কিন্তু বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে ADC, BDO ৰ সন্মুখতেই পাভ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী শ্বৰিফুল ইছলামৰ গুণ্ডাবাহিনীৰ দলে সাংবাদিকগৰাকীৰ ওপৰত কৰে ভয়ংকৰ প্ৰাণনাশী আক্ৰমণ। সাংবাদিকৰ কেমেৰা কাঢ়ি, ভাঙি চুৰমাৰ কৰে গুণ্ডাবাহিনীৰ দলে। এই কাণ্ড দেখি বিমোৰত পৰে তদন্তকাৰী দল।

শ্বৰিফুল ইছলামৰ প্ৰাণনাশী আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লখিমপুৰৰ সাংবাদিক গৰাকীৰ নাম ইনজামামুল হক চৌধুৰী।

জানিব পৰা মতে অভিযুক্ত পঞ্চায়তৰ সভানেত্ৰীগৰাকী AIUDF দলৰ।

সাংবাদিকগৰাকীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি ভুক্তভোগী সাংবাদিকগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে।