পুনৰ কাৰাগাৰৰ পৰাই সাংবাদিক দিলোৱাৰ হুছেইনক জিম্মাত ল’লে পাণবজাৰ আৰক্ষীয়ে।
সূত্ৰই জনোৱা মতে, পাণবজাৰ থানাত ৰুজু হোৱা দ্বিতীয়টো গোচৰ সংক্ৰান্তত পুনৰ আৰক্ষীয়ে কাৰাগাৰতে গ্ৰেপ্তাৰ কৰে সাংবাদিকগৰাকীক।
জানিব পৰা মতে, অসম অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এজাহাৰৰ ভিত্তিত দ্বিতীয়টো গোচৰ ৰুজু কৰা হৈছে।
গোচৰ নং ১১১/২৫ নং অনুসৰি ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ৩২৯, ৩২৪(৪), ৩৫১(২), ৩০৯(৪), আৰু ১১৫ নং ধাৰাত দিলোৱাৰ হুছেইনৰ মজুমদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
জানিব পৰা মতে, ১১১/২৫ নম্বৰৰ গোচৰটো অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ অভিযোগৰ ভিত্তিত ৰুজু কৰা হৈছে।
ডম্বৰু শইকীয়াৰ অভিযোগ অনুসৰি যোৱা ২৫ মাৰ্চ, মঙলবাৰ তাৰিখে প্ৰায় দিনৰ ১২:৩০ বজাত দিলোৱাৰ হুছেইন মজুমদাৰে পানবজাৰৰ দ্য আছাম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ প্ৰথম মহলাত অবৈধভাৱে প্ৰৱেশ কৰি বেংকৰ মূল্যৱান নথি-পত্ৰ চুৰি কৰাৰ চেষ্টা কৰিছিল।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ এক গোচৰত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে, বুধবাৰে জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক জামিন প্ৰদান কৰিছিল।
মুখ্য ন্যায়িক দণ্ডাধীশে মাজুমদাৰক গোচৰ নং ৩৩-ৰ ১১০/২৫, ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰা ৩৫১(২) আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন, ১৯৮৯ (সংশোধনী ২০১৫)ৰ ধাৰা ৩(১)(ৰ)ৰ অধীনত ৰুজু হোৱা গোচৰত জামিন প্ৰদান কৰিছিল।
এই গোচৰটো পানবজাৰ থানাত দ্য আছাম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ স্থায়ী নিৰাপত্তাৰক্ষী শিশুপাল বড়োৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু কৰা হৈছিল।
উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে মঙলবাৰে এপেক্স বেংকৰ দুৰ্নীতিৰ কেলেংকাৰীৰ অভিযোগ সম্পৰ্কে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ পাছতে মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে মাতি নিয়ে আৰু মাজনিশালৈকে আটক কৰি থানাতে ৰাখি থয়। তাৰপিছত মাজনিশা কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।