সাংবাদিক ৰাতুল ডেকাৰ মৃত্যু  : নিশা বাতৰি সংগ্ৰহৰ বাবে ওলাই যোৱা পিছত পথৰ দাঁতিত উদ্ধাৰ ৰক্তাক্ত মৃতদেহ

E TV Bharatৰ জন্মলগ্নৰ পৰাই মৰিগাঁও জিলাৰ পৰা সংবাদসেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই । মঙলবাৰে নিশা বাতৰি সংক্ৰান্তীয় এক খবৰৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱা পাছত নিশাই ৰাজপথত মুমূর্ষু অৱস্থাত উদ্ধাৰ হয় সাংবাদিক ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ।

সাংবাদিকজনক নিজ গৃহৰ পৰা কিছু দূৰত ৰাস্তাৰ কাষত ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে পৰিয়ালৰ লোকক খবৰ দিয়ে। ইফালে অতি মুমূর্ষু অৱস্থাত ৰাতুল ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

ETV Bharatৰ সাংবাদিক ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ উদ্ধাৰ কৰা স্থানৰ পৰা কেইমিটাৰমান আঁতৰত তেওঁ চলাই যোৱা বাইকখনো উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্যায়ত এয়া দুৰ্ঘটনা বুলি সন্দেহ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে আৰক্ষী নিশ্চিত হ’ব।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা সংবাদ জগতৰ সৈতে জড়িত ডেকাই অসমীয়া দৈনিক কাকতেৰে সংবাদসেৱা আৰম্ভ কৰি পৰৱৰ্তী কালত কেবাখনো দৈনিক আৰু সাপ্তাহিক কাকতৰ লগত জড়িত হৈ পৰে। শেহতীয়াকৈ তেওঁ “গণ অধিকাৰ” নামৰ দৈনিক কাকতত সেৱা আগবঢ়োৱাৰ লগতে ETV Bharatৰ মৰিগাঁৱৰ সংবাদদাতা হিচাবে কৰ্মৰত আছিল।

তদুপৰি ৰাতুল ডেকা এজন প্ৰৱন্ধকাৰ তথা সুবক্তা আছিল। বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ লিখাসমূহ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে । ৰাতুল ডেকা বহু সামাজিক অনুষ্ঠানৰ লগতে আছুকে ধৰি বিভিন্ন জাতীয়-সংগঠনৰে জড়িত আছিল ।

এজন জ্যেষ্ঠ সাংবাদিক হিচাপে তেওঁ মৰিগাঁও মেডিয়া ক্লাৱৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰাৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ পত্ৰিকা সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল ৷ ৰাতুল ডেকাৰ আকস্মিক মৃত্যুৰ খবৰে মৰিগাঁও জিলাত গভীৰ শোকৰ ছাঁ পেলাইছে । ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।