সংবাদমেলত প্ৰশ্ন সুধিলে নাম উল্লেখ কৰিব লাগিব সাংবাদিকে : শ্বাহ আলম প্ৰসংগত হিমন্ত বিশ্ব শৰ্মা

এতিয়াৰ পৰা সংবাদমেলত প্ৰশ্ন সুধিলে নিজৰ নাম উল্লেখ কৰিব লাগিব সাংবাদিকসকলে।

হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেলত কয় যে সাংবাদিক সকলে প্ৰশ্ন কৰিলে নিজৰ নাম উল্লেখ কৰা উচিত। দিল্লীৰ সাংবাদিক সকলে প্ৰশ্ন কৰিলে নিজৰ নাম উল্লেখ কৰে।

সাংবাদিকে নাম উল্লেখ কৰাতো নিৰাপত্তা আৰু পেছাদাৰীত্ব দুয়োটাৰে বাবে গুৰুত্বপূৰ্ণ বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

তেওঁ কয়, “সংবাদ মেলত সাংবাদিকে প্ৰশ্ন কৰাৰ আগতে সাধাৰণতে নিজৰ নাম কোৱা হয়৷ দিল্লীত এনেধৰণৰ নিয়ম মানি চলা হয়৷ তেন্তে আমাৰ ইয়াত কোনো সাংবাদিকক তেওঁৰ নামটো সোধোঁতে কোনো ক্লাবৰ লোকে মোক কিয় বেয়া পায়! পিতৃ-মাতৃ প্ৰদত্ত নামটো সোধাৰ লগে লগে গৌৰৱেৰে ক’বহে লাগে৷”

উল্লেখ্য যে শেহতীয়াকৈ এখন সংবাদমেলত মুছলমান সাংবাদিকৰ নাম সুধি সাম্প্ৰদায়িক ভাষাৰে আক্ৰমণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে অসমকে ধৰি ৰাষ্ট্ৰীয় মাধ্যমতো বিভিন্ন জনৰ সমালোচনাৰ কেন্দ্ৰ হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা।


এইদৰে পুনৰ সাংবাদিক শ্বাহ আলমৰ প্ৰসংগ উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই নাম সোধাটো এটা নিয়ম বুলি নিজৰ ভুলক ন্যাৰ্যতা প্ৰদানৰ চেষ্টা কৰে।