‘ৰাইজে ব্যাপক প্ৰতিবাদ গঢ়ি তোলক’, বিধেয়কৰ বিৰুদ্ধে ধৰ্মঘটত বোকাখাতৰ সাংবাদিক

Bokakhat

বোকাখাতত সাংবাদিকৰ নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে বৃ্হস্পতিবাৰে বোকাখাততো প্ৰতিবাদত বহে অঞ্চলটোৰ সমূহ সাংবাদিক।

বোকাখাতৰ মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব আৰু ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট এচ’চিয়েচনৰ উমৈহতীয়া উদ্যোগত নাট্য মন্দিৰৰ প্ৰাঙ্গণত বিধেয়ক বাতিলৰ দাবীত সাংবাদিকসকল এঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘটত বহে।

প্ৰতিবাদত বোকাখাতৰ উপৰিও কাজিৰঙা, নুমলীগড়, কমাৰগাওঁ, বাদুলীপাৰ, বনগাওঁ আদিৰ সাংবাদিকসকলেও অংশ গ্ৰহণ কৰে৷

বিধেয়ক বাতিলৰ দাবীৰে সাংবাদিকসকলে বোকাখাতৰ মহকুমা দণ্ডাধীশ শান্তনু গগৈৰ যোগেদি ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷

বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীৰ লগতে সাংবাদিকসকলে ৰাইজকো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনায়।

প্ৰতিবাদটোত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু আপকুৰ প্ৰতিষ্ঠাপক সভাপতি জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়ায়ো অংশ গ্ৰহণ কৰে৷

ধৰ্মঘটটোত বোকাখাত প্ৰেছ ক্লাবৰ হৈ ভৱানন্দ কলিতা, জ্যেষ্ঠ সাংবাদিক বাবু লাল মোৰ, বুবুল দত্ত, কাজিৰঙাৰ স্বপন নাথ, কমাৰগাঁৱৰ ৰিন্টু দত্তৰ লগতে ছাত্ৰ সন্থাৰ হৈ দীপ ঠাকুৰীয়াই বিতৰ্কিত বিধেয়ক খন বাতিলৰ দাবীত ভাষণ প্ৰদান কৰে৷

সাংবাদিকসকলৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱেও অংশ গ্ৰহণ কৰে৷