২০২১ চনৰ নিৰ্বাচনত শিৱসাগৰত বিজেপি মুক্ত কৰাৰ হুংকাৰ যৌথ সংগ্ৰামী মঞ্চৰ

20200306_181347

ফটো: নৰ্থইষ্ট নাও

ঐতিহাসিক শিৱসাগৰত ২০২১ চনৰ সমাগত বিধান সভা নিৰ্বাচনত বিজেপি মুক্ত কৰাৰ হুংকাৰ দিয়ে যৌথ সংগ্ৰামী মঞ্চই।

তাৰ বাবে যৌথ সংগ্ৰামী মঞ্চই সকলো দল সংগঠনৰ লগতে সচেতন ৰাইজৰ লগহৈ গাঁৱে ভূঞে সকলো পৰ্যয়তে সংগ্ৰাম আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ হৈছে।

শুকুৰবাৰে শিৱসাগৰত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত এই কথা ব্যক্ত কৰে যৌথ সংগ্ৰামী মঞ্চই।

প্ৰায় কুৰিটাৰো অধিক জাতীয় সংগঠনেৰে গঠিত যৌথ সংগ্ৰামী মঞ্চৰ শিৱসাগৰৰ নেতা কৰ্মীয়ে দ’লমুখ চাৰিআলিত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

নাগৰিকত্ব সংশোধনী আইন বাতিল, অখিল গগৈসহ কা’ আন্দোলনত কাৰাৰুদ্ধ হোৱা সকলো সংগ্ৰামী সতীৰ্থক মুক্তি দিয়া, কা’ বিৰোধী আন্দোলনৰ শ্বহীদক ন্যায় দিয়া আৰু চৰকাৰী দমন নীতি বন্ধ কৰাৰ দাবীত এই গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে।

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম সেনা, বীৰ লাচিত সেনা, আহোম জাতীয় গণ মঞ্চ, উজনি অসম মুছলিম কল্যান পৰিষদ, তাই আহোম যুৱ পৰিষদ আদিকে ধৰি বহুকেইটা সংগঠনৰ কেইবা শতাধিক সদস্যই কা’ আমি নামানো, বিজেপি গৌ বেক, সৰ্বানন্দ সোনোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে যৌথ সংগ্ৰামী মঞ্চই এই কথা স্পষ্ট কৰি দিয়ে যে, কোনো কাৰণতেই ভাৰতীয় সংবিধান পৰিপন্থী নাগৰিকত্ব(সংশোধনী) আইন অসমৰ জনসাধাৰণে মানি নলয়।

ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অসমৰ জনতাক চূড়ান্তভাৱে প্ৰতাৰণা কৰি যি ভয়াৱহ বোজা অসমৰ ওপৰত জাপি দিব বিচাৰিছে তাৰ প্ৰতিফল ভোগ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সাজু থাকক বুলি কয় যৌথ সংগ্ৰামী মঞ্চই।

তেওঁ লগতে উল্লেখ কৰে যে, চৰকাৰে কা’ বিৰোধী সংগঠনৰ নেতৃত্বৰ ওপৰত ভুৱা গোচৰ জাপি দি জেল হাজোত পৰ্যন্ত প্ৰেৰণ কৰিছে।

সংগ্ৰামী নেতা অখিল গগৈকে ধৰি যি সকল কা’ বিৰোধী নেতাক কাৰবন্দী কৰি ৰাখিছে সকলোকে বিনাচৰ্তে মুক্তি দিবলৈ দাবী জনায় যৌথ সংগ্ৰামী মঞ্চই।