আমাৰ দাবী মানি ল’বই লাগিব : নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে পুনৰ সৰৱ জুবিন গাৰ্গ

zubeen-pic-570x320

জুবিন গাৰ্গ। ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে জুবিন গাৰ্গ। বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত আকৌ এবাৰ জুবিন গাৰ্গে স্পষ্টভাৱে ব্যক্ত কৰিলে তেওঁৰ চিন্তা। জুবিনে কয়, ‘’আমি সকলো একেলগে আছো, চৰকাৰৰ ভুল আমি দেখুৱাই দিবলৈ বাধ্য।‘’

তদুপৰি, সাম্প্ৰতিক অসমৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে কয়, ‘’আমাৰ দাবী মানি ল’বই লাগিব, চৰকাৰ ৰাইজৰ লগত থাকিব লাগে।’’

আনহহাতে, জুবিনে বৰ্তমান পৰিস্থিতিত শান্তি সম্প্ৰীতি বজাই ৰাখি সকলোকে বিধেয়কখনৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে  পূৰ্বৰে পৰা জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ বিৰোধিতা কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু বাংলাদেশীৰ নামত ধৰ্মৰ ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান জনাই আহিছে।

তদুপৰি, কণ্ঠশিল্পী গৰাকীয়ে অসমীয়া জাতি সত্তা বৰ্তমান সময়ত জীয়াই ৰখাটো কঠিন পৰিছে বুলি উল্লেখ কৰি জাতিৰ সংকটৰ সময়ত সকলোকে একগোট হ’বলৈও আহ্বান জনাইছিল।

ইয়াৰ পূৰ্বে কণ্ঠশিল্পী গৰাকীয়ে স্পষ্ট কৰি দিছিল যে পূৰ্বতে বাংলাদেশী সমস্যাক লৈ যি সমস্যা অসমবাসীয়ে সন্মুখীন হৈছে আৰু তাৰ বিনিময়ত যি বলিদান অসমবাসীয়ে দি থৈছে তাক কেতিয়াও অথলে যাবলৈ দিয়া নহ’ব।

আনকি, জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ বাবে দাবী জনাই অন্যথা দুয়োখন চৰকাৰকে বিপ্লৱৰ সন্মুখীন হ’বলৈ সাজু থাকক বুলিও সকীয়নি প্ৰদান কৰিছিল।