সুখবৰ: অসমত থলুৱা ভাৱে প্ৰস্তুত কৰা ‘জুডিমা’ মদে লাভ কৰিব GI tag

জনজাতি প্ৰধান ৰাজ্য অসমৰ সংস্কৃতিৰ সৈতে থলুৱা ভাবে প্ৰস্তুত মদৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে।

অসমৰ প্ৰায় কেইটা জনগোষ্ঠীৰ লোকেই নিজস্ব শৈলীৰে পৰম্পৰাগত পদ্ধতিৰ আলমত মদ প্ৰস্তুত কৰি আহিছে।

ৰাজ্যৰ থলুৱা ভাবে প্ৰস্তুত কৰা মদৰ ভিতৰত প্ৰথমবাৰৰ বাবে এবিধ বিশেষ মদে জিঅ’গ্ৰাফিকেল ইণ্ডিকেছন অৰ্থাৎ GI tag লাভ কৰিবলৈ অগ্ৰসৰ হৈছে। অসমৰ এটি উল্লেখযোগ্য জনগোষ্ঠী ডিমাচাসকলে পৰম্পৰাগত ভাবে প্ৰস্তুত কৰি অহা ‘জুডিমা’ নামৰ মদ বিধে শীঘ্ৰে GI tag লাভ কৰিব।

চাউলৰ পৰা প্ৰস্তুত কৰা এই মদ বিধত ডিমাচা লোকসকলে নানান ধৰণৰ ঔষধি উদ্ভিদৰ সংমিশ্ৰণ ঘটায়। মিঠা সোৱাদৰ এই মদ বিধৰ প্ৰস্তুত কৰিবলৈ প্ৰায় এসপ্তাহ সময় লাগে। লক্ষ্যণীয় কথাটো এয়াই যে এই মদ বিধ প্ৰায় এবছৰলৈ সংৰক্ষণ কৰি ৰাখিব পৰা যায়।

উল্লেখ্য GI tag-এ এবিধ সামগ্ৰী উপলব্ধ হোৱা বিশেষ অঞ্চলক চিহ্নিত কৰে আৰু এই টেগে সামগ্ৰী এবিধক স্বকীয়তা প্ৰদান কৰে। লগতে বাণিজ্যিক দিশৰ পৰাও এনে টেগে যথেষ্ট সহায় কৰে।

ডিমাচাসকলৰ পৰম্পৰাগত ‘জুডিমা’ মদে GI tag লাভ কৰিবলৈ ওলোৱাৰ খবৰে এতিয়া আনন্দিত কৰি তুলিছে জনগোষ্ঠীটোৰ লোকসকলক।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডিফুৰ কৃষি বিকাশ কেন্দ্ৰৰ মুখ্য বিজ্ঞানী সবিোধ মাইবংচাই সংবাদমাধ্যমৰ আগত কয় যে তিনি বছৰীয়া নেৰা-নেপেৰা চেষ্টাৰ ফলত ডিমাচাসকলৰ পৰম্পৰাগত মদ ‘জুডিমা’ই GI tag লাভ কৰিবলৈ অগ্ৰসৰ হৈছে।

উল্লেখ্য মাইবংচা আৰু ইউথ এছোচিয়েচন ফৰ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰে ২০১৮ চনৰ শেষৰ পিনে ‘জুডিমা’ মদৰ GI tag ৰ বাবে আবেদন কৰাৰ কথা চিন্তা কৰিছিল। অসমৰ পৰম্পৰাগত এই ফটিকা বিধক বিশ্বজনীন কৰি তোলাৰ বাবেই তেওঁলোকে এনে চিন্তা কৰা হৈছিল।

সেই উদ্দেশ্য ডিমাজিক হাচাও নামৰ এটা মহিলা গোট গঠন কৰা হৈছিল আৰু সেই গোটৰ জৰিয়তেই ২০১৯ চনত ‘জুডিমা’ মদৰ GI tag ৰ বাবে আবেদন কৰা হৈছিল। এই আবেদন প্ৰক্ৰিয়াক গতি প্ৰদান কৰা ব্যক্তিসকলৰ ভিতৰত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক উত্তম বাইথাৰিও আছিল।

এই প্ৰসংগত বাইথাৰিয়ে সংবাদমাধ্যমৰ আগত কয় যে আবেদন কৰাৰ বছৰটোতে ‘জুডিমা’ মদে GI tag লাভ কৰাৰ কথা আছিল যদিও ক’ৰ’না পৰিস্থিতিৰ বাবে অসমৰ পৰম্পৰাগত মদ বিধক GI tag প্ৰদান কৰাত কিছু বিলম্ব ঘটিল।

উল্লেখ্য ইয়াৰ পূৰ্বে অসমত থলুৱাভাবে উৎপাদিত কাজী নেমু, জহা চাউল আদি সামগ্ৰীয়ে GI tag লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতত GI tag প্ৰদান কৰে কেন্দ্ৰীয় বাণিজ্য তথা উদ্যোগ দপ্তৰে।