গোলাঘাটৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত সংঘটিত বিত্তীয় অনিয়মৰ অভিযোগত কনিষ্ঠ সহায়ক গ্ৰেপ্তাৰ

গোলাঘাটৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যলয়ত সংঘটিত এক বিত্তীয় কেলেংকাৰী সন্দৰ্ভত আজি কাৰ্যলয়টোত কৰ্মৰত কণিষ্ঠ সহায়ক তথা গাননিক বিপুল মেচক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, ২০১৮ চনৰ অক্টোবৰ মাহত গোলাঘাটৰ উপ-পৰিদৰ্শক কাৰ্যালয়ত এক বিত্তীয় অনিয়ম সংঘটিত হৈছিল।

উক্ত বৰ্ষত জিলাখনৰ শিক্ষক-কৰ্মচাৰীৰ বাবে গৃহ আৰু বকেয়া শিতানত অহা ধন কৌশলেৰে  আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল কনিষ্ঠ সহায়ক তথা গাণনিক বিপুল মেচৰ বিৰুদ্ধে ।

কাৰ্যলয়টোত জিলাখনৰ  ২৭০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ গৃহ আৰু বকেয়াৰ  তিনি লাখতকৈ অধিক  টকাৰ অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

শিক্ষক-কৰ্মচাৰীৰ প্ৰাপ্য ধনৰ পৰা গোপনে কিছু সংখ্যক ধন কৰ্টন কৰি ভুৱা একাউন্টৰ যোগেদি  বিপুল মেচে আত্মসাৎ কৰাৰ সন্দেহ কৰি  শিক্ষক-কৰ্মচাৰীসকলে প্ৰাপ্য ধন সম্পূৰ্ণ ৰূপে নোপোৱাত জিলা উপ-পৰিদৰ্শকক অভিযোগ দিয়ে।

 উক্ত অভিযোগৰ ভিত্তিত উপ-পৰিদৰ্শকৰ আটাউৰ ৰহমানে ঘটনাৰ তদন্ত কৰাত কণিষ্ঠ সহায়কগৰাকীৰ বিত্তীয় জালিয়াতিৰ তথ্য পোহৰলৈ আহে।

আজি উপ-পৰিদৰ্শকগৰাকীৰ এজাহাৰ ভিত্তিত  আৰক্ষীয়ে বিপুল মেচক গ্ৰেপ্তাৰ কৰে ।

গোলাঘাট আৰক্ষীয়ে মেচৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৯/৪২০ ধাৰাত এক গোচৰ ৰুজু কৰি  তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।