অসম তথা উত্তৰ-পূবৰ প্ৰথম ব্যক্তিৰূপে দেশৰ মুখ্য বিচাৰপতি নিযুক্ত ন্যায়াধীশ ৰঞ্জন গগৈ

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে গগৈক এই পদত নিযুক্তি দিয়া বুলি বৃহস্পতিবাৰে আইন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অৱসৰৰ পিছতে অহা ৩ অক্টোবৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৪৬ সংখ্যক মুখ্য বিচাৰপতিৰূপে শপত ল’ব ন্যায়াধীশ গগৈয়ে।

ranjan-gogoi Assam NRC: SC seeks Centre, state govt’s response over appeal for citizenship

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ফাইল ফটো।

প্ৰথম অসমীয়া তথা উত্তৰ-পূবৰে প্ৰথম ব্যক্তি হিচাপে দেশৰ মুখ্য বিচাৰপতিৰ আসনত বৃহস্পতিবাৰে নিযুক্ত হৈছে ন্যায়াধীশ ৰঞ্জন গগৈ।

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে গগৈক এই পদত নিযুক্তি দিয়া বুলি বৃহস্পতিবাৰে আইন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে।

বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অৱসৰৰ পিছতে অহা ৩ অক্টোবৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৪৬ সংখ্যক মুখ্য বিচাৰপতিৰূপে শপত ল’ব ন্যায়াধীশ গগৈয়ে।

মুখ্য ন্যায়াধীশ মিশ্ৰই ন্যায়াধীশ গগৈক উত্তৰসূৰীৰূপে মনোনীত কৰিছিল।

অসমৰ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমনৰ বিচাৰপীঠৰ নিৰীক্ষণতে হৈ আছে।

২০১৯ চনৰ ১৭ নবেম্বৰত অৱসৰ ল’ব লগা গগৈ মুখ্য ন্যায়াধীশৰ পদত ১ বছৰ, ১ মাহ আৰু ১৪ দিন থাকিব।

লগতে পঢ়ক: দেশৰ মুখ্য বিচাৰপতি হোৱাৰ দিশে ন্যায়াধীশ ৰঞ্জন গগৈ

সৰ্বোচ্চ ন্যায়ালয়ৰ বিভিন্ন পীঠসমূহক গোচৰ আবণ্টনৰ প্ৰক্ৰিয়াৰ লগতে বিভিন্ন বিষয়ত মুখ্য ন্যায়াধীশ মিশ্ৰক সমালোচনা কৰি এই বছৰৰ জানুৱাৰিত নতুন দিল্লীত ন্যায়াধীশ গগৈৰ লগতে আন তিনিগৰাকী জ্যেষ্ঠ ন্যায়াধীশে আয়োজন কৰা অভূতপূৰ্ব সংবাদ মেলখনৰ পিছত গগৈক মুখ্য ন্যায়াধীশৰূপে নিযুক্তিৰ ক্ষেত্ৰত আশংকা আহি পৰিছিল।

ভাৰতৰ ন্যায়িক ইতিহাসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে সংবাদ মেল দিয়াৰ দৰে ঘটনা কেতিয়াও ঘটা নাছিল।

ন্যায়াধীশ গগৈৰ দেউতাক অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ।

ডিব্ৰুগড়ত ১৯৫৪ চনৰ ১৮ নবেম্বৰত জন্ম লোৱা গগৈয়ে ১৯৭৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশৰূপে ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰিত নিযুক্তি পোৱা গগৈক ২০১০ চনৰ ৯ ছেপ্তেম্বৰত পঞ্জাৱ আৰু হাৰিয়ানাৰ ন্যায়াধীশ হিচাপে বদলি কৰা হৈছিল।

পিছলৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধীস্থিত হোৱা গগৈ ২০১২ চনৰ ২৩ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্ত হৈছিল।