বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰলৈ ২০২২ বৰ্ষৰ ক্ৰান্তিকাল বঁটা

বঁটা প্ৰদান অনুষ্ঠানত সাহিত্যিক কুল শইকীয়াই গল্প-সাহিত্যৰ ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়াই অহা জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল বঁটা প্ৰদান কৰা বিষয়টোৰ শলাগ লয়, তেখেতে কয় "শিকদাৰে কমাই লিখে কিন্তু ভাল লিখে৷ প্ৰচুৰ অধ্যয়নশীল আৰু সুক্ষ্ম পৰ্যবেক্ষক জ্যোতিষ শিকদাৰলৈ এনে স্বীকৃতিয়ে গল্পকাৰজনক উৎসাহিত কৰাত শিৱৱকান্ত ক্ৰান্তিকাল ন্যাসৰ উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয়৷"

১৯ ফেব্ৰৱাৰী ২০২৩ তাৰিখ দেওবাৰে শিলপুখুৰীস্থিত পঞ্চৱতীৰ মুনীন বৰকটকী স্মাৰক ন্যাসৰ আড্ডাঘৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰক ক্ৰান্তিকাল সাহিত্য বঁটা ২০২২ প্ৰদান কৰা হয়৷ বিশিষ্ট গল্পকাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়া, বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, বিশিষ্ট গল্পকাৰ তথা সাহিত্য অকাডেমি অসমীয়া ভাষা পৰিষদৰ সদস্য অপূৰ্ব শইকীয়া, বিশিষ্ট গল্পকাৰ তথা সাংবাদিক বিতুপন বৰবৰাৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়৷ ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাশ ৰাজখোৱা, বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীৰ দ্বাৰা পৰিচালিত আৰু সম্পাদিত শিৱকান্তক্ৰান্তিকাল ন্যাসৰ দ্বাৰা প্ৰদান কৰা এই বঁটা ২০১১ চনৰ পৰা অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনত বিশিষ্ট বৰঙণি আগবঢ়োৱা একোজনকৈ পুৰোধা ব্যক্তি তথা সাধকলৈ আগবঢ়াই অহা হৈছে৷ বঁটা প্ৰদান অনুষ্ঠানত সাহিত্যিক কুল শইকীয়াই গল্পসাহিত্যৰ ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়াই অহা জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল বঁটা প্ৰদান কৰা বিষয়টোৰ শলাগ লয়, তেখেতে কয় শিকদাৰে কমাই লিখে কিন্তু ভাল লিখে৷ প্ৰচুৰ অধ্যয়নশীল আৰু সুক্ষ্ম পৰ্যবেক্ষক জ্যোতিষ শিকদাৰলৈ এনে স্বীকৃতিয়ে গল্পকাৰজনক উৎসাহিত কৰাত শিৱৱকান্ত ক্ৰান্তিকাল ন্যাসৰ উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয়৷গল্পকাৰ দেৱব্ৰত দাসে শিকদাৰৰ গল্প সম্পৰ্কত গুৰুত্বপূৰ্ণ কেইবাটাও দিশ আলোচনা কৰি নিজৰ মত প্ৰকাশ কৰে৷ গল্পকাৰ বিতুপন বৰবৰাই কয় যে মধ্যবিত্তীয়, নিম্ন মধ্যবিত্তীয় শ্ৰেণীৰ চিত্ৰ দাঙি ধৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া গল্পকাৰ শিকদাৰ হল সমাজৰ অৱহেলিত শ্ৰেণীৰ এটা কণ্ঠ৷ একেবাৰে মাটিৰ পৰা গল্পৰ বিষয় বস্তু দাঙি ধৰি উচ্চ পৰ্যায়ৰ সাহিত্য ৰচনাত জ্যোতিষ শিকদাৰৰ নিপুনতা অগতানুগতিক৷ বিশিষ্ট সাহিত্যিক অপূৰ্ব শইকীয়াৰ মতে জ্যোতিষ শিকদাৰ এনে এজন গল্পকাৰ যি নিজা নিয়মত স্বকীয় ভাষাবৈশিষ্টৰে গল্প লিখে৷ শিকদাৰ অসমীয়া সাহিত্যৰ এজন অতি সমৃদ্ধিশালী গল্পকাৰ৷
ক্ৰান্তিকাল প্ৰকাশনৰ উদ্যোগত অগতানুগতিকভাবে অসমীয়া সমাজত নীৰৱে সাধনা কৰি অহা এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰতিবছৰে এনেকৈ বঁটা প্ৰদান কৰি অহা কথাটোৰ ক্ষেত্ৰত আমন্ত্ৰিত অতিথিসকলে বিশেষ গুৰুত্বসহকাৰে আলোচনা কৰে৷ লগতে এই বঁটাৰ দীৰ্ঘায়ু কামনা কৰে৷
গামোচা, চেলেং, ক্ৰান্তিকাল বঁটাৰ স্মাৰক, সম্বৰ্দ্ধনাপত্ৰ, গ্ৰন্থৰ টোপোলা, পঁচিশ হাজাৰ নগদ ধন আৰু ফুলৰ থোপাৰে উপস্থিতসকলে জ্যোতিষ শিকদাৰক এই বঁটাৰে সম্বৰ্ধিত কৰে৷ লগতে আড্ডাঘৰৰ তৰফৰ পৰাও গল্পকাৰ গৰাকীক সম্বৰ্দ্ধনা জনোৱা হয়৷ আশীৰ দশকৰ পৰা নিজস্ব ধাৰা এটাৰে, সামাজিক দৃষ্টিভংগীৰে, বিষাদ আৰু হতাশাৰ বিষয়কো প্ৰতিবাদৰ ভাষা কৰি গঢ়ি তোলা জ্যোতিষ শিকদাৰে নিজা এটা প্ৰতিষ্ঠা বা পৰিচয় গঢ় দিবলৈ সক্ষম হৈছে“— বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে আদৰণি ভাষণত ক্ৰান্তিকাল সাহিত্য বঁটা আৰু জ্যোতিষ শিকদাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়৷
বঁটাপ্ৰাপক জ্যোতিষ শিকদাৰে বঁটা গ্ৰহন কৰি ধন্যবাদসূচক বক্তব্যত নিজকে এতিয়াও সাহিত্যৰ ছাত্ৰ বুলি গণ্য কৰা প্ৰসংগ ব্যক্ত কৰে৷
কবি নীলাভ সৌৰভে আঁত ধৰা অনুষ্ঠানটোত কোকিল শইকীয়া, অংকুৰ ৰঞ্জন ফুকন, মিনাক্ষী বৰকটকীকে আদি কৰি কেইবাগৰাকীও নবীনপ্ৰবীণ সাহিত্যিক, কবি উপস্থিত থাকে৷
ক্ৰান্তিকাল প্ৰকাশনৰ উদ্যেক্তা কৈলাশ ৰাজখোৱাই প্ৰদান কৰা শলাগৰ শৰাইৰে এই বঁটা প্ৰদান অনুষ্ঠানৰ সামৰণি পৰে৷