কাবুলৰ আক্ৰমণৰ আত্মঘাতী বোমাৰু এজন আছিল কেৰালাৰ; চোৰাংচোৱা সংস্থা

Story-2-12-1140x570

কাবুলৰ আত্মঘাতী আক্ৰমণকাৰীজন

শিখ সম্প্ৰদায়ৰ ওপৰত যোৱা বুধবাৰে আফগানিস্তানত ইছলামিক ষ্টেট (আই এছ)য়ে চলোৱা জঘন্য আক্ৰমণত ২৭জন লোক নিহত হৈছিল।

আক্ৰমণকাৰী তিনিজনৰ ভিতৰত এজনক কেৰালাৰ বুলি সন্দেহ কৰা হৈছে।

কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই আক্ৰমণকাৰীজনক মহম্মদ মুহচিন বুলি চিনাক্ত কৰিছে।

তেওঁৰ পৰিয়ালে চোৰাংচোৱা সংস্থাক এই তথ্য আগবঢ়াইছে।

এখন ইছলামিক আলোচনী অল নাবাই শুকুৰবাৰে আত্মঘাতী আক্ৰমণকাৰীৰ এখন ছবি প্ৰকাশ কৰিছে।

এখন ছবি আবু খালিদ অল-হিন্দী বুলি চিনাক্ত কৰা হৈছে আৰু মুহচিনৰ পিতৃ-মাতৃয়ে সেয়া তেওঁলোকৰ পুত্ৰ বুলি দাবী কৰিছে।

কেন্দ্ৰীয় সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিছে যে মুহচিনৰ মাতৃয়ে এগৰাকী আই এছৰ সহযোগীৰ পৰা টেলিগ্ৰামযোগে এক মেচেজ লাভ কৰিছিল।

মেচেজটোত দাবী কৰা হয় যে বুধবাৰৰ কাবুল আক্ৰমণত মুহচিন শ্বহীদ হৈছে।

‘’অৱশ্যে, যেতিয়া তেওঁক মেচেজটো দেখুৱাবলৈ কোৱা হয় তেওঁ কয় যে তেওঁ ভয়তে সেইটো ডিলিট কৰি দিছে,’’-কেন্দ্ৰীয় সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতিৰে ইণ্ডিয়ান এক্সপ্ৰেছ কাকতে এই কথা প্ৰকাশ কৰিছে।

সূত্ৰসমূহে জানিবলৈ দিয়ে যে দুজন মুহচিনে কেৰালাৰ পৰা আই এছত যোগদান কৰিছিল আৰু কাবুলৰ আক্ৰমণকাৰীজনক যোৱা ২০১৭ৰ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান আক্ৰমণত নিহত হোৱা জনৰ সৈতে সাঙোৰা উচিত নহয়।

‘’ ২০১৭ত নিহতজন মাল্লাপুৰমৰ এজন আভিযান্ত্ৰিক স্নাতক আছিল। তেওঁ ২০১৭ত আই এছত যোগদান কৰিছিল,’’-সূত্ৰসমূহে কয়।

‘’গুৰুদ্বাৰাত আক্ৰমণ কৰাজন কাছাৰগড জিলাৰ ত্ৰিক্কাৰিপুৰৰ আছিল। তেওঁ ২০১৮ত আফগানিস্তানলৈ গৈ আই এছত যোগদান কৰিছিল,’’-চোৰাংচোৱা সংস্থাৰ সূত্ৰই লগতে কয়।