চোৰাংচিকাৰীৰ বিৰুদ্ধে কলিয়াবৰত ধাৰাবাহিক অভিযান; মাৰণাস্ত্ৰসহ কেইবাজনক আটক

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত আৰু জখলাবন্ধা আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ সহযোগত কলিয়াবৰত গঁড় চিকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা ধাৰাবাহিক অভিযানত যোৱা এটা সপ্তাহত কেইবাজনো চোৰাংচিকাৰী আৰক্ষীৰ জালত পৰিছে।

সোমবাৰে নিশা জখলাবন্ধা আৰক্ষী আৰু বাগৰি আৰক্ষীয়ে এক অভিযান চলাই বাগৰিৰ তেল ডিপোৰ সন্মুখৰ পৰা কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে অহা এটা ৪জনীয়া চোৰাংচিকাৰীৰ দলক আটক কৰিবলৈ সক্ষম হয়।

ধৃত চোৰাংচিকাৰী কেইজনক ৰূপহীহাট চাইদৰীয়াৰ আনোৱাৰ হুছেইন, লংকা নখুটিৰ ৰমজান আলী, জুৰিয়া উদমাৰীৰ ইমান আলী আৰু নগালেণ্ড-অসম সীমান্তৰ দিলীপ বড়ো বুলি চিনাক্ত কৰা হৈছে। এখন ইয়ন গাড়ীত অহা দলটোৰ কবলৰ পৰা আৰক্ষীয়ে এটা ৩০৩ ৰাইফল, ১০ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰাৰ উপৰি তেওঁলোকে ব্যৱহাৰ কৰা গাড়ীখনো জব্দ কৰে।

জখলাবন্ধা আৰক্ষীয়ে জনোৱা মতে আৰক্ষীৰ জেৰাত চোৰাংচিকাৰীৰ দলটোৱে কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে বাগৰি এলেকাত থিতাপি ল’বলৈ আহিছিল স্বীকাৰ কৰে।

আনহাতে যোৱা ৫ জুনত গ্ৰেপ্তাৰ হোৱা আখতাৰ আলী নামৰ গঁড় চিকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে দেওবাৰে কলিয়াবৰৰ আমনিত আৰক্ষীৰ এটা দলে মশ্ৰুফ আলী ওৰফে মামাক গ্ৰেপ্তাৰ কৰে। শিৱসাগৰৰ হালোৱাটিঙৰ পৰা বাছেৰে নগাঁৱলৈ আহি থকা অৱস্থাত আমনিত মশ্ৰুফক আটক কৰা হয়। আৰক্ষীৰ মতে ধৃত মশ্ৰুফে গঁড় হত্যাৰ বাবে নগালেণ্ডৰ পৰা অবৈধ মাৰনাস্ত্ৰ সৰবৰাহ কৰা তথা গঁড়ৰ খড়্গ ডিমাপুৰত বিক্ৰী কৰি আহিছিল।

অনাগত দিনত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাই জনায়।