অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ অভিযান্ত্ৰিক বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ চাহিল আহমেদৰ

অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত সৰ্বোচ্চ নম্বৰ সহ উত্তীৰ্ণ হৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ ভিতৰুৱা অঞ্চলৰ এজন ছাত্ৰই।

কলিয়াবৰৰ চিকনি পথাৰৰ চাহিল আহমেদে মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেশ্যনত বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ সহ সোণৰ পদক লাভ কৰে।

৯৩.৯ শতাংশ নম্বৰ লাভ কৰি বিশ্ববিদ্যালয়ৰ ভিতৰতে অভিলেখ গঢ়িবলৈ সক্ষম হয় চাহিল আহমেদে। পিছপৰা অঞ্চলৰ পৰা অতি কষ্ট আৰু অধ্যৱসায়ৰ জৰিয়তে চাহিল আহমেদে এই কৃতিত্ব লাভ কৰাত আনন্দিত হৈছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ।

উল্লেখ্য যে, কলিয়াবৰৰ চিকনি পথাৰ নিৱাসী বাবুল আহমেদ আৰু ৰিনু বেগমৰ পুত্ৰ চাহিল আহমেদে কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা বি চি এ পাঠ্যক্ৰমত মহাবিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্ছ নম্বৰ লাভ কৰি অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল।

অশেষ পৰিশ্ৰমৰ যোগেদি কৃতিত্ব লাভ কৰা চাহিলক যোৱা ৩০ নৱেম্বৰত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত সোণৰ পদক প্ৰদান কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।