ভাল খবৰ :কলিয়াবৰৰ দুই যুৱকে তৈয়াৰ কৰি উলিয়ালে খৰি ফলা যন্ত্ৰ

বছৰটোৰ প্ৰথমটো দিনত ভাল খবৰ।

মনৰ একাগ্ৰতা আৰু নেৰা নেপেৰা প্ৰচেষ্টা, আত্ম সংস্থাপনৰ যুজঁখনত হাৰ নমনা কলিয়াবৰৰ দুই যুৱকে তৈয়াৰ কৰি উলিয়ালে খৰি ফলা যন্ত্ৰ ।

পেলনীয়া সামগ্ৰী বুটলি ,সংগ্ৰহ কৰি তৈয়াৰ কৰে যন্ত্ৰটো। যন্ত্ৰটোৰ জৰিয়তে খৰি ফালিলে শ্ৰম লাঘৱৰ সমান্তৰালকৈ সংকোচন হয় ব্যয়।

চাকৰিমুখী প্ৰৱণতাক পৰিহাৰ কৰি এনেদৰে নিজবুদ্ধি – কৰ্মদক্ষতাৰে আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিছে কলিয়াবৰৰ দুই যুৱক দ্বীপজ্যোতি বৰা আৰু নীলমজ্যোতি বৰাই।

খৰিফলা যন্ত্ৰটো যিকোনো স্থানলৈ অনা – নিয়া কৰিবৰ বাবে সংযুক্ত কৰিছে এখন ট্ৰেক্টৰত।

এই দুই যুৱকৰ এই প্ৰচেষ্টাত এতিয়া কলিয়াবৰৰ বিভিন্ন স্থানত খৰি ফালিবৰ বাবে জনসাধাৰণৰ সুবিধা হোৱাৰ লগতে

কলিয়াবৰৰ বিভিন্ন স্থানত খৰি ফালিবৰ বাবে নিমন্ত্ৰণ পাইছে।