NORTHEAST NOW (Assamese)

৯টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কামৰূপ টাস্ক ফ’ৰ্চৰ…

October 16, 2025 1:18 pm · এন ই নাও নিউজ, গুৱাহাটী

কামৰূপ জিলা শিশু শ্ৰমিক টাস্ক ফ’ৰ্চে দিছপুৰ আৰক্ষীৰ সহযোগত বুধবাৰে এক বিশেষ অভিযান চলাই দোকান, গেৰেজ আৰু ৰেষ্টুৰেণ্টৰ পৰা ৯জন শিশু শ্ৰমিক উদ্ধাৰ কৰে। শিশু হেল্পলাইন (১০৯৮)ৰ পৰা পোৱা তথ্যৰ আধাৰত এই অভিযান চলোৱা হৈছিল বুলি জানিবলৈ দিয়ে।

জানিব পৰামতে হেঙৰাবাৰীৰ পৰা ৭জন আৰু ৰুক্মিণীগাঁৱৰ পৰা ২জন শিশু উদ্ধাৰ কৰা হয়। অভিযানটোত অংশ লৈছিল শিশু অনুকূল গুৱাহাটী (CFG), অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট (ACRD) আৰু বচপন বচাও আন্দোলন (BBA)-ৰ প্ৰতিনিধিসকলে।

শিশু শ্ৰমিক ৰখাৰ বাবে নিয়োগকৰ্তাসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে শ্ৰমিক বিষয়াসকলে। উদ্ধাৰ কৰা শিশুসমূহক চিকিৎসা পৰীক্ষাৰ পিছত অনুমোদিত আশ্ৰয়গৃহলৈ স্থানান্তৰ কৰা হয়।

কিশোৰ ন্যায় আইনৰ অধীনত বৃহস্পতিবাৰৰ ভিতৰত তেওঁলোকক পুনৰ সংযোগ আৰু পুনৰ্বাসনৰ বাবে শিশু কল্যাণ সমিতিৰ সন্মুখত হাজিৰ কৰাব।

শিশু অধিকাৰ সুৰক্ষাৰ লগতে বলপূৰ্বক শ্ৰম আৰু শিশু নিৰ্যাতন প্ৰতিহত কৰিবলৈ কামৰূপ জিলা টাস্ক ফ’ৰ্চে আগন্তুক দিনত আৰু তিনিটা অভিযান চলাব বুলি সদৰী কৰিছে।

Related News