NORTHEAST NOW (Assamese)

খাটাং : বিজেপিৰ টিকেটত লোকসভাৰ নিৰ্বাচন খেলিব কংকনাই

December 20, 2023 1:02 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

এইবাৰ পোনপটীয়াকৈ ৰাজনীতিলৈ আহিব বিতৰ্কিত অভিনেত্ৰী কংকনা ৰাণাৱত। সংসদীয় ৰাজনীতিত নামিব বিজেপিৰ স্তাৱক তথা অভিনেত্ৰীগৰাকীয়ে।

কংগনা ৰানাৱটে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব। শেহতীয়াকৈ তেওঁৰ পিতৃ অমৰদ্বীপে সামাজিক মাধ্যমত এটা আপডেটৰ জৰিয়তে কৰি নিশ্চিত কৰিছে যে অভিনেত্ৰীগৰাকীয়ে সঁচাকৈয়ে বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

কংগনাৰ পিতৃয়ে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দৃঢ়তাৰে কোৱাৰ বিপৰীতে কোন সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা এতিয়াও দলটোৱে সিদ্ধান্ত লোৱা নাই। কুল্লুৰ শাস্ত্ৰী নগৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে হোৱা বৈঠকৰ পিছত কংগনাৰ ৰাজনৈতিক আকাংক্ষাক লৈ জল্পনাকল্পনা তীব্ৰতৰ হৈ পৰে।

উল্লেখ্য যে পেছাদাৰী ফ্ৰণ্টত কংগনাৰ শেহতীয়া ছবি “তেজছ”য়ে বক্স অফিচত লাভ কৰিছিল তেনেই সামান্য সহাৰি । বিজেপিৰ সমৰ্থক হোৱাৰ বাবে কংগণাৰ এই ছবি চাবলৈ ইচ্ছা কৰা নাছিল দৰ্শকসকলে। যাৰ বাবে এতিয়া নিৰ্বাচনত অৱত্তীৰ্ণ হৈ পৰাজয় বৰণ কৰিব বুলি চৰ্চা চলিছে বিভিন্ন মাধ্যমত।

Related News