এতিয়াৰে পৰা কোনোদিনেই টুইটাৰযোগে উদ্ভট মন্তব্য আৰু ঘৃণা বিয়পাব নোৱাৰিব কংগনা ৰানাৱটে।
শেহতীয়াকৈ ধাৰবাহিকভাৱে বিতৰ্কিত টুইটেৰে চৰ্চিত হোৱা বলিউডৰ অভিনেত্ৰীগৰাকীৰ অফিচিয়েল টুইটাৰ একাউণ্টটো টুইটাৰ কৰ্তৃপক্ষই চিৰদিনৰ বাবে বন্ধ কৰি দিছে।
টুইটাৰৰ নিয়মবিধিসমূহ ধাৰাবাহিকভাৱে ভংগ কৰি অহাৰ বাবেই কংগনাৰ ওপৰত এই ব্যৱস্থা লোৱা হৈছে।
এই সম্পৰ্কত মাইক্ৰ’ব্লগিং চাইটটোৰ এগৰাকী মুখপাত্ৰই নিশ্চিত কৰিছে যে টুইটাৰৰ সকলো ব্যৱহাৰকাৰীৰ বাবে একেধৰণৰ নিয়ম তেওঁলোকে পালন কৰি আহিছে।
শেহতীয়া এটা টুইটযোগে কংগনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাইছিল যাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ‘শান্ত’ কৰিব লাগে।
তদুপৰি মমতা বেনাৰ্জীক ‘শান্ত’ কৰিবলৈ মোদীৰ ২০০০ দশকৰ প্ৰথমভাগৰ ‘বিৰাট ৰূপ’ ধাৰণ কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰে।
ইয়াৰ পাছতে সামাজিক মাধ্যমত কংগনা সমালোচিত হয়।
নিৰ্বাচনৰ ফলাফলৰ পাছত বংগত দেখা দিয়া ৰাজনৈতিক হিংসাক সমালোচনা কৰি কংগনাই আনকি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰো দাবী জনাইছে।
তেওঁৰ ওপৰত টুইটাৰে এই ব্যৱস্থা লোৱাৰ পাছতে কংগনাই ইনষ্টাগ্ৰামযোগে এটা ভিডিঅ’ প’ষ্ট কৰি নিজৰ ক্ষোভ ব্যক্ত কৰিছে।
View this post on Instagram
ভিডিঅ’টোত কথা কওঁতে তেওঁক কন্দনামুৱা হৈ পৰা দেখা যায়।
তেওঁ কয় যে ইয়াৰ দ্বাৰা গণতন্ত্ৰক হত্যা কৰা হৈছে।
এইক্ষেত্ৰত তেওঁ টুইটাৰে বৰ্ণবৈষম্যবাদ কৰা বুলিও অভিযোগ কৰিছে।
তদুপৰি তেওঁৰ টুইটাৰ একাউণ্ট বন্ধ কৰাৰ যোগেৰে ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষড়যন্ত্ৰ চলি থকা বুলিও মন্তব্য কৰে।
উল্লেখযোগ্য যে বংগত বিজেপিয়ে পৰাজয়বৰণ কৰাৰ পাছতে কংগনাই কেইবাটাও অশোভনীয় টুইট কৰি আহিছিল।
এটা টুইটাৰত তেওঁ লিখিছিল যে বাংলাদেশী আৰু ৰোহিঙিয়াই হৈছে মমতা বেনাৰ্জীৰ আচল শক্তি।
বংগত হিন্দুসকল সংখ্যগৰিষ্ঠ হৈ থকা নাই বুলিও তেওঁ টুইটটোত আজৱ মন্তব্য কৰিছিল।
মমতা বেনাৰ্জীক ‘ৰাৱণ’ বুলি অভিহিত কৰাৰ উপৰিও বংগ কাশ্মীৰলৈ পৰ্যবসিত হোৱা বুলিও মন্তব্য কৰিছিল তেওঁ।
তদুপৰি নিৰ্বাচনত মমতা বেনাৰ্জী বিজয়ী হোৱাৰ পাছত তেওঁ কৈছিল যে গণতন্ত্ৰ এটা ধাপ্পাবাজীৰ বাদে একো নহয়।
কংগনাৰ ওপৰত টুইটাৰে লোৱা এই ব্যৱস্থাক সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন মহলে।