পুনৰ বিতৰ্কিত মন্তব্য কংগনাৰ : ‘মুৰ্খ’ আখ্যা কংগ্ৰেছৰ

বিতৰ্কিত মন্তব্যৰে পুনৰ শিৰোনাম দখল কৰিছে বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে। এইবাৰ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি লৈছে কংগনাই। অৱশ্যে কংগনাক ‘অবুদ্ধিমান’ আখ্যা দিছে কংগ্ৰেছে।

হিমাচল প্ৰদেশৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙে কয়, “কংগনাই যদি নিজৰ বক্তব্য প্ৰত্যাহাৰ নকৰে তেন্তে আমি মানহানিৰ গোচৰ ৰুজু কৰিম। কি ভিত্তিত তেওঁ এনে বক্তব্য দিছে? ছোনিয়াৰ দৰে শীৰ্ষ নেতাৰ বিৰুদ্ধে কংগনাই এনে মন্তব্য কৰাটো অতি দুৰ্ভাগ্যজনক।”

তেওঁ আৰু কয়, “কংগনাই মূৰ্খৰ দৰে বক্তব্য দিছে যে উন্নয়নৰ বাবে কেন্দ্ৰ বা ৰাজ্যৰ পুঁজিৰ পৰা ধন ছোনিয়া গান্ধীক দিয়া হৈছে। মই তেওঁক প্ৰত্যাহ্বান জনাইছো যে ছোনিয়া গান্ধীক ১ টকাও দিয়া হৈছে বুলি প্ৰমাণ দিয়ক। এনে ভিত্তিহীন অভিযোগৰ বাবে ক্ষমা খুজিব লাগে।”

প্ৰসংগক্ৰমে দেওবাৰে কংগনাই কয়, “দুৰ্যোগ আৰু কংগ্ৰেছে হিমাচল প্ৰদেশক দশক দশক পিছুৱাই নিছে। মই ৰাইজক এই চৰকাৰক উৎখাত কৰিবলৈ আহ্বান জনাইছো। কেন্দ্ৰীয় চৰকাৰে যদি সাহায্য পুঁজি দিয়ে তেন্তে সেয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ যাব লাগে। কিন্তু সকলোৱে জানে এয়া ছোনিয়া ৰিলিভ ফাণ্ডলৈ যায়।”

উল্লেখ্য, বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা হিমাচল প্ৰদেশ ধাৰাবাহিকভাৱে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। কংগ্ৰেছ শাসিত হিমাচলে বিধ্বংসী ভূমিস্খলন, বানপানী আৰু ধাৰাসাৰ বৰষুণৰ বাবে আৰ্থিক সংকটৰ সৈতে যুঁজি আছে। এই সমস্যা প্ৰতিহত কৰিবলৈ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে শেহতীয়াকৈ ঘোষণা কৰিছিল যে তেওঁ আৰু তেওঁৰ কেবিনেট সদস্যসকলে দুমাহৰ দৰমহা সাহাৰ্য্যৰ বাবে দান কৰিব।