বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সোমবাৰে নিশা ১৪.৮ কেজি সোণসহ গ্ৰেপ্তাৰ কৰা হয় কানাড়া অভিনেত্ৰী ৰানিয়া ৰাওক। বাতৰি অনুসৰি ডিৰেক্টৰ অফ ৰেভিনিউ ইন্টেলিজেঞ্চে (DRI) তেওঁক গ্ৰেপ্তাৰ কৰে। ইফালে অৰ্থনৈতিক অপৰাধ আদালতত হাজিৰ কৰোৱা হয় ৰানিয়া ৰাওক। তাতে ন্যায়াধীশে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। জানিব পৰা মতে, ডুবাইৰ পৰা এই বিপুল পৰিমাণৰ সোণ ভাৰতলৈ লৈ আনিছিল ৰানিয়াই।
‘মণিক্যা’ (২০১৪) চিনেমাত কানাড়া ছুপাৰষ্টাৰ সুদীপৰ বিপৰীতে অভিনয়ৰ বাবে পৰিচিত ৰানিয়া ৰাও। আন কেইবাখনো দক্ষিণ ভাৰতীয় ছবিতো তেওঁ অভিনয় কৰিছে। ইয়াৰ ভিতৰত আছে ১৯১৬ চনৰ তামিল ছবি ‘ৱাঘা’ আৰু ২০১৭ চনৰ কানাড়া ছবি ‘পাটাকি’।
ইফালে ৰানিয়া ৰাও আই পি এছ বিষয়া কে ৰামাচন্দ্ৰ ৰাওৰ সতিয়া কন্যা। বৰ্তমান ৰামচন্দ্ৰ কৰ্ণাটক ৰাজ্যিক আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ সঞ্চালক প্ৰধান।
বাতৰি অনুসৰি, ডুবাইৰ পৰা উভতি অহাৰ পথত ৰানিয়া ৰাওৱে চেক ইন নকৰাকৈ বিমানবন্দৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছিল। সেই সময়ত তেওঁৰ লগত আছিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থানাৰ এজন কনিষ্টবল। অৱশ্যে ইতিমধ্যে ডি আৰ আইৰ চোৰাংচোৱাসকলৰ হাতত ৰানিয়াৰ বিষয়ে তথ্য আছিল। এই পৰিস্থিতিত তেওঁক চোৰাংচোৱা বিষয়াসকলে ধৰি পেলায়।
অভিযোগ অনুসৰি এই সোণখিনি ৰানিয়াই কেৱল পোছাকতে নহয়, শৰীৰতো লুকুৱাই ৰাখিছিল। পিছত ডি আৰ আইৰ তদন্তকাৰীয়ে বেংগালুৰুৰ ৰানিয়াৰ ঘৰতো তালাচী অভিযান চলায়।
উল্লেখ্য যে ৰাণিয়া ৰাও প্ৰায়ে স্বামীৰ সৈতে ডুবাইলৈ গৈছিল। অৱশ্যে ডুবাইত ৰানিয়াৰ কোনো পৰিয়ালৰ সদস্য বসবাস নকৰে। তাত ৰানিয়াৰ কোনো ব্যৱসায়ো নাই। এই পৰিস্থিতিত চোৰাংচোৱাসকলৰ সন্দেহ হৈছিল। ইয়াৰ পূৰ্বে ৰানিয়াই ডুবাইৰ পৰা উভতি আহি আৰক্ষীৰ এস্কৰ্ট লৈ কোনো বাধা নোহোৱাকৈ বিমানবন্দৰৰ পৰা ওলাই যোৱা বুলি জানিব পৰা গৈছে।
এই পৰিপ্ৰেক্ষিতত চোৰাংচোৱা বিষয়াসকলে এই সোণৰ সৰবৰাহত ৰানিয়া অকলে জড়িত আছে নে ইয়াৰ আঁৰত আন কোনোবা আছে তাৰ তদন্ত চলাইছে। অৱশ্যে বিষয়াসকলে ৰানিয়াক আদালতত হাজিৰ কৰাই জিম্মাত ল’ব বিচৰা নাছিল।
ইপিনে, গ্ৰেপ্তাৰৰ পিছত ৰানিয়াই তেওঁক ব্লেকমেইল কৰি সোণৰ সৰবৰাহ কৰিবলৈ বাধ্য কৰা বুলি দাবী কৰে। বিষয়াসকলে ইয়াৰ তদন্ত কৰিব। তদুপৰি, এই সোণ ক্ৰয়ৰ বাবে ধনৰ উৎসৰ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা হ’ব। এই পৰিস্থিতিত ইডিয়ে তদন্ত আৰম্ভ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।