NORTHEAST NOW (Assamese)

মাতাল অৱস্থাত মোদীক টুইট কৰি কিয় বিপদ চপাই লৈছিল? নতুন শ্বো-ত সদৰী কৰিলে কপিল শৰ্মাই

January 30, 2022 11:51 am · এন ই নাও নিউজ, গুৱাহাটী

নেটফ্লিক্সত কপিল শৰ্মাৰ নতুন শ্বো ‘কপিল শৰ্মা: আই এম নট ডন ইয়েট’ মুক্তি পাইছে। ছচিয়েল মিডিয়াত কপিলৰ নতুন শ্বো টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। কপিলে ইয়াত দাঙি ধৰা নিজৰ জীৱনত ঘটি যোৱা ঘটনাসমূহে দৰ্শকক বিশেষভাৱে আকৰ্ষণ কৰিছে।

কপিল শৰ্মাৰ নতুন শ্বো-ক লৈ ইতিমধ্যে বিতৰ্কৰো সৃষ্টি হৈছে। সেই বিতৰ্ক অৱশ্যে কপিলে নিজেই তুলি ধৰিছে।

নিজৰ নতুন শ্বো-টোত কপিলে স্পষ্টভাৱে তুলি ধৰিছে কেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টুইট কৰি নিজেই কটাক্ষৰ সন্মুখীন হৈছিল সেই ঘটনা।

‘কমেডি নাইটছ’ত ইতিমধ্যে কপিলৰ মসৃন তথা নিৰ্ভেজাল কমেডিৰ সোৱাদ সকলোৱে উপভোগ কৰিছে। ইয়াত কপিলে তেওঁৰ অতিথি চেলিব্ৰেটিসকলক প্ৰায় কাবু কৰি পেলাইছিল তেওঁৰ স্বভাৱসুলভ কমেডিৰে।

লগতে পঢ়ক: আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা! বিশ্বনাথত গুলীবিদ্ধ গঁড় হত্যাৰে জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী

কিন্তু নেটফ্লিক্সৰ শ্বো-টোত তাৰ অনুৰণন নাই। ইয়াত কপিলে নিজক লৈয়েই নিজে অধিক ৰসিকতা আনিছে।

এই শ্বো-ৰ মাজতে কপিলে তুলি ধৰিলে কেনেকৈ মদ খাই মাতাল অৱস্থাত নৰেন্দ্ৰ মোদীক টুইট কৰি বিপদত পৰিছিল সেই কথা।

কপিলে কয়,’’ যিদিনা নিশা মই মোদীজীক টুইট কৰিছিলো, সেই নিশাই মোৰ জীৱনত যে বিপদ মাতি আনিব সেয়া বুজিব পৰা নাছিলো। দৰাচলতে মই নিচাগ্ৰস্ত হৈ আছিলো। প্ৰায় ৮ পেগ মদ খাই মই খঙতেই টুইট কৰিছিলো। ইয়াৰ আঁত আন কোনো কাৰণ নাছিল। এই টুইটৰ বাবে মই যি গালি-গালাজ খাইছো, সেয়া গোটেই জীৱন মনত থাকিব।

কপিলে লগতে ৰসিকতা কৰি কয় যে প্ৰথম পেগ লোৱাৰ পাছত তেওঁ ঘৰৰ পৰিস্থিতি দেখি খঙত জ্বলি উঠে। দ্বিতীয় পেগৰ পাছত সমাজৰ দোষ-ত্ৰুটি বিচৰা আৰম্ভ কৰে। তৃতীয় পেগৰ পাছত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হয়।

লগতে পঢ়ক: ৰাজ্যসভালৈ হাগ্ৰামা মহিলাৰী! ভিত্তিহীন আখ্যা প্ৰমোদ বড়োৰ

উল্লেখ্য যে ২০১৬চনৰ এক গভীৰ নিশা এটা টুইট কৰি কপিল শৰ্মাই মোদীক ট্যাগ কৰে, ‘’মই যোৱা ৫ বছৰ ধৰি ১৫কোটি টকা আয়কৰ দিছো আৰু মোৰ অ’ফিচ নিৰ্মাণ কৰোতে মোক বিএমচিক ৫লাখ টকা উৎকোচ দিব লাগিব। এয়া আপোনাৰ ভাল দিন?’’

কেবল সেয়াই নহয়, খঙৰ ভমকত কটু কথাৰে ভৰা টুইট, ভাবুকি দি যায় কপিলে। তাৰ টীমে যিমানবাৰ তেওঁৰ টুইট ডিলিট কৰিছিল সিমানবাৰেই তেওঁ টুইট কৰিছিল।

Related News