NORTHEAST NOW (Assamese)

কাৰ্বি আংলঙত ১.৫ কিলোগ্ৰাম হিৰ’ইন জব্দ

September 21, 2021 2:11 pm · এন ই নাও নিউজ

ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান।

আজি পুৱা কাৰ্বি আংলং আৰক্ষীয়ে এক সফল অভিযানৰ অন্তত খটখটীত জব্দ কৰে ড্ৰাগছখিনি।

উদ্ধাৰ হোৱা ড্ৰাগছখিনি প্ৰায় ১.৫ কিলোগ্ৰাম হিৰ’ইন বুলি জানিব পৰা গৈছে।

এই সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে কয়, “ আজি পুৱা এক অভিযানত কাৰ্বি আংলং আৰক্ষীয়ে খটখটীৰ পৰা প্ৰায় ১.৫ কিলোগ্ৰাম হিৰ’ইন জব্দ কৰে। অসম আৰক্ষীক এই সফলতাৰ বাবে অভিনন্দন। এই সফলতা অব্যাহত থাকক।”

Related News