ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

এই বছৰেই নতুনকৈ চৰকাৰ গঠন হ’ব দক্ষিণৰ গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকত। অতি সোনকালেই কৰ্ণাটকত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ বিধান সভাৰ নিৰ্বাচন। বুধবাৰে নিৰ্বাচনী আয়োগে সংবাদ মেলযোগে ঘোষণা কৰিছে কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ তাৰিখ।

অহা ১০ মে’ত ৰাজ্যখনৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে।

লগতে, প্ৰাৰ্থীসকলে ১৩ এপ্ৰিলৰ পৰা মনোনয়ন দাখিল কৰিব পাৰিব। মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ হ’ব ২০ এপ্ৰিল। ১৩ মেত ঘোষণা কৰা হ’ব কৰ্ণাটক বিধান সভাৰ ফলাফল।

আয়োগে ঘোষণা কৰিছে যে মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ হ’ব ২৪ এপ্ৰিল। ২১ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিলৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব।

উল্লেখ্য যে কৰ্ণাটকত পূৰ্বৰ বিধানসভা নিৰ্বাচন ২০১৮ চনৰ মে’ মাহত অনুষ্ঠিত হৈছিল। বিজেপিয়ে ১০৪খন আসনেৰে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও নিৰ্বাচনত বিজেপি সংখ্যাগৰিষ্ঠতাৰ পৰা বঞ্চিত হৈছিল।

সেই নিৰ্বাচনত কংগ্ৰেছ আৰু জেডিএছে ক্ৰমে ৮০ আৰু ৩৭খন আসন লৈ নিৰ্বাচনৰ পিছৰ মিত্ৰজোঁট গঠন কৰি এইচ ডি কুমাৰস্বামীক মুখ্যমন্ত্ৰী হিচাপে লৈ চৰকাৰ গঠন কৰিছিল।

কিন্তু ২০১৯ চনৰ জুলাই মাহত কেইবাজনো বিধায়কে নিজৰ দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছত এই মিত্ৰজোঁটৰ পতন ঘটে।

ইয়াৰ পিছত বিজেপিয়ে বি এছ য়েদিয়ুৰাপ্পাক মুখ্যমন্ত্ৰী হিচাপে লৈ চৰকাৰ গঠন কৰে। কিন্তু বি এছ য়েদিয়ুৰাপ্পাই ২০২১ চনৰ জুলাই মাহত পদত্যাগ কৰিছিল আৰু তেওঁৰ ঠাইত মিষ্টাৰ বোমাইক নিযুক্তি দিছিল।

ইপিনে, নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই কৰ্ণাটকত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী উষ্ণতা। সকলো দলৰে প্ৰাৰ্থীসকলে বজাবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ ৰণদংকা। বিগত সময়ছোৱাত অস্থিৰ ৰাজনৈতিক বতাহে কোবাই যোৱা ৰাজ্যখনৰ বিধান সভাৰ নিৰ্বাচনী ফলাফল কি হয় সেয়া হ’ব লক্ষ্যনীয়।