ৱেষ্টইণ্ডিজৰ মিডলঅৰ্ডাৰ বেটছমেন কাইল মায়াৰ্ছে তেওঁৰ অভিষেক মেচতেই এক দুৰ্দান্ত ইনিংছেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
বাংলাদেশ বিৰুদ্ধে খেলা টেষ্টখনৰ চতুৰ্থ ইনিংছত মায়াৰ্ছে বাংলাদেশী স্পিনাৰক তুলাধূনা দি দ্বিশতৰাণ কৰিবলৈ সক্ষম হয়।
মায়াৰ্ছে ৩০২টা বল খেলি ২১০ ৰাণত অপৰাজিত হৈ থাকে।
মায়াৰ্ছৰ এনে দুৰ্দান্ত ইনিংছৰ ফলতেই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৱেষ্ট ইণ্ডিজ। বাংলাদেশৰ জহুৰ আহমেদ ষ্টেডিয়ামত খেলা টেষ্টখনৰ চতুৰ্থ ইনিংছত সৰ্বোচ্চ ৰাণ অনুসৰণ কৰি ৩ উইকেটত বিজয় সাৱ্যস্ত কৰে ৱেষ্টইণ্ডিজে।
আনহাতে, কাইল মায়াৰ্ছে অভিষেক টেষ্ট মেচতে দ্বিশতৰাণ কৰিছে আৰু তাকো চতুৰ্থ ইনিংছত। বিশ্বৰ কোনো ক্ৰিকেটাৰৰ এনে অভিলেখ নাই।
দলত খেলাৰ সুযোগ লাভ কৰি ২৮ বছৰীয়া অলৰাউণ্ডাৰ মায়াৰ্ছে ইতিহাস সৃষ্টি কৰে।
দেওবাৰে দ্বিতীয় ছেছনত মুস্তাফিজুৰ ৰহমানৰ বলত বাউণ্ডাৰি কোবাই মায়াৰ্ছে শতৰাণ সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগেই তেওঁ কেইবাটাও অভিলেখ গঢ়ে।
অভিষেক টেষ্টতে শতৰাণ কৰা কাইল মায়াৰ্ছ হ’ল ৱেষ্টইণ্ডিজৰ ১৪তম ক্ৰিকেটাৰ। সেইদৰে টেষ্টৰ ইতিহাসত অভিষেক মেচৰ চতুৰ্থ ইনিংছত কেবল ৭জন ক্ৰিকেটাৰেহে শতৰাণ কৰাৰ অভিলেখ আছে।
এইদৰে শতৰাণ কৰি মায়াৰ্ছে প্ৰথমতে টেষ্ট ইতিহাসৰ ১৫তম ক্ৰিকেটাৰ হিচাপে অভিলেখ গঢ়ে।
ইয়াৰ পাছতে তেওঁ এই ১৫জনৰ ভিতৰত প্ৰথমতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিঙক আৰু তাৰপাছত নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ডেনিয়েল ভেট্টৰিক চেৰ পেলায়। মায়াৰ্ছে ভেট্টৰিৰ সৰ্বোচ্চ ১৪০ ৰাণৰ অভিলেখ ভংগ কৰে।