পদ্মশ্রী ডাঃ কুশল কোঁৱৰ শৰ্মাক কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ ২০১৯বর্ষৰ জীৱনজোৰা সাধনা বঁটা

index 999

পদ্মশ্ৰী ডাঃ কুশল কুমাৰ শৰ্মাক জীৱন জোৰা সাধনা বঁটা প্ৰদান। ফটো: নৰ্থইষ্ট নাও

পদ্মশ্ৰী বঁটা প্ৰাপ্ত ৰাজ্যৰ বিশিষ্ট পশু চিকিৎসক তথা হাতী ডক্টৰ হিচাপে বিশ্বত সমাদৰ লাভ কৰা ডাঃ কুশল কোঁৱৰ শৰ্মাক কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিয়ে ২০১৯বর্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পদ্মশ্ৰী শৰ্মাক  ছ’চাইটিৰ হৈ বঁটা প্ৰদান কৰে ৰাজ্য প্ৰাক্তন মুখ্য বন সংৰক্ষক ৰমনী মালাকাৰ, ৰমনী ডেকা আৰু ইন্দ্ৰজিত দাসে।,

অনুষ্ঠানত মুখ্য অতিথি নিখিল বড়ো ছাত্ৰ সন্থাৰ নৱ- নিৰ্বাচিত সভাপতি দীপেন বড়ো  প্ৰমুখ্যে ছ’চাইটি বহুকেইজন সদস্যই উপস্থিত থাকে।

এই বঁটাত আছে এটা ফুলৰ থোপা, এটা এড়ি চোলা, স্মাৰক, এটা হাতীৰ প্ৰতিমূৰ্তি, এখন গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰ।

উল্লেখ যে ডাঃ শৰ্মাই বৰ্তমান প্ৰায় ৭হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতী বশ কৰিছে যি নেকি সমগ্ৰ বিশ্বতে বিৰল।

বঁটা গ্ৰহণ কৰি ডাঃ শৰ্মাই এই বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাৰ বাবে কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিক ধন্যবাদ জ্ঞাপন কৰে।

এই সন্দৰ্ভত তেওঁ কয় যে এই বঁটাই মোক প্ৰকৃতি আৰ জীৱকুলৰ বাবে অধিক কাম কৰাৰ অনুপ্রেৰণা যোগাব। হাতী-অন্যান্য জীৱ জন্তুক সেৱা কৰিবলৈ আৰু বহুত কাম আছে।

‘’পদ্মশ্ৰী বঁটা পাই ভাল লাগিছে। মোক এই বঁটাj বাবে কোনে নিৰ্বাচিত কৰিছে নাজানো কিন্তু আজি যি জীৱনজোৰা সাধনা বঁটা দিছে তেওঁলোক সংৰক্ষণৰ লগত জড়িত সেই বাবেই আৰু ভাল লাগিছে,’’-ডাঃ শৰ্মাই কয়।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৱ নিৰ্বাচিত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে কয়, “বন্যপ্ৰাণীৰ লগতে প্ৰকৃতিৰ অধ্যয়নৰ বাবে ৰাজ্যৰ সমান্তৰালকৈ দেশ-বিদেশৰ পৰা যিসকল ব্যক্তি আহিব বা আহিছে সেই সকল ব্যক্তিক সুৰক্ষাৰ দিয়াত নিখিল বড়ো ছাত্ৰ সন্থাই সদায় কাম কৰিব ৷ নিজাকৈ ১০লাখ গছপুলি ৰোপন কৰাৰ লক্ষ্য লৈছে নিখিল বড়ো ছাত্ৰ সন্থাই ৷’’

কাজিৰঙাৰ দৰে মানস ৰাষ্ট্ৰীয় উদ্যানকো গঢ়ি তোলাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি সভাপতি বড়োৱে কয় যে অখণ্ড অসমক ৰক্ষা কৰি কাম কৰাৰ বাবে আমি উদ্যোগ লৈছোঁ। তাৰ ফলশ্ৰুতি হিচাপে অতি কৌশলেৰে ৰাজ্য- বিদেশত থকা অস্ত্ৰ ধাৰী নেতাসকলক উলিয়াই আনি অস্ত্ৰ মুক্ত সমাজ গঠন কৰাৰ বাবে ইতিমধ্যে বিটিআৰ চুক্তি স্বাক্ষৰ কৰা হৈছে ৷