• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘লোকেল উৎপাত’ৰ বাবে জনসাধাৰণৰ পৰা ধন সংগ্ৰহ কেনি বসুমতাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2020 5:47 pm
Local Utpat
496
VIEWS
Share on FacebookShare on Twitter

লোকেল কুংফু ছিৰিজ, ছাছপেণ্ডেট ইন্সপেক্টৰ বড়োৰ দৰে ছবি দৰ্শকক উপহাৰ দিয়া ছবি নিৰ্মাতা কেনি বসুমতাৰীৰ আন এখন ছবি মুক্তিৰ বাবে সাজু হৈ উঠিছে। তেওঁৰ আহিবলগীয়া ছবিখন হ’ল ‘লোকেল উৎপাত’।

ব্যতিক্ৰমী চিনেমা নিৰ্মাতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা কেনিক পৰৱৰ্তী ছবি ‘লোকেল উৎপাত’ৰ বাবে প্ৰয়োজন হৈছে ধনৰ। যাৰ বাবে তেওঁ আৰম্ভ কৰিছে ক্ৰাউদ ফাণ্ডিং।

প’ষ্ট প্ৰডাকশ্যন আৰু মুক্তিৰ বাবে কেনিক ১০ লাখ টকাৰ প্ৰয়োজন যদিও ইতিমধ্যে ক্ৰাউদ ফাণ্ডিঙৰ জৰিয়তে ১০ ফেব্ৰুৱাৰিলৈকে ৪.৩ লাখ টকা সংগ্ৰহ হোৱা বুলি জানিব পৰা গৈছে।

ক্ৰাউদ ফাণ্ডিঙৰ বাবে ছবি নিৰ্মাতাগৰাকীয়ে wishberry.in নামৰ এটা ৱেবছাইট মুকলি কৰিছে।

‘মোৰ আগৰ ছবি কেইখন ছোৱা বাবে সকলোকে ধন্যবাদ জনাইছো। আপোনালোকৰ সহাৰিয়ে মোক উৎসাহিত কৰে। কিন্তু আগৰ ছবি কেইখনত খৰচ হোৱা ধন উভটাই নাপালো। যাৰ বাবে মুম্বাইত থকা সৰু ঘৰটো বিক্ৰী কৰি দিব লগীয়া হৈছে। কিন্তু এনেকে বহি নাথাকো, মই আৰু ছবি বনোৱাৰ প্ৰতি আগ্ৰহী’, এইদৰে কয় কেনীয়ে।

উল্লেখ্য যে ২০১৩ চনত মুক্তি লাভ কৰা একশ্যন-কমেডিযুক্ত লোকেল কুংফু ছবিখনৰ জৰিয়তে ছবি নিৰ্মাতা হিচাপে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল কেনি বসুমতাৰীয়ে।

লোকেল কুংফুৰ সফলতাৰ পিছতেই অৰ্থাৎ ২০১৭ত মুক্তি পাইছিল লোকেল কুংফুৰ চিকুৱেল। ইয়াৰ ঠিক এবছৰ পিছতেই কেনিয়ে ছাছপেণ্ডেট ইন্সপেক্টৰ বড়ো নামৰ আন এখন জনপ্ৰিয় ছবি নিৰ্মাণ কৰি উলিয়াইছিল।

লোকেল উৎপাত নিৰ্মাণৰ আঁৰৰ কাহিনী উল্লেখ কৰি কেনীয়ে কয় যে সম্পূৰ্ণ হাস্যকৰধৰ্মী চিনেমা অসমত খুব কম নিৰ্মাণ হৈছে। সেয়ে এনে ধৰণৰ ছবি নিৰ্মাণৰ জৰিয়তে দৰ্শকক ৯০ মিনিট হাঁহিৰ খোৰাক দিয়াটোৱে তেওঁৰ প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰে।

ইফালে ক্ৰাউদ ফাণ্ডিঙৰ বিষয়ে একেৰাহে লিখক-পৰিচালক-অভিনেতা গৰাকীয়ে কয়, ‘ছবি গৃহৰ অভাৱৰ বাবে প্ৰয়োজনীয় ধন ঘূৰি নাহে। মাত্ৰ ৪০-৬০খন স্ক্ৰীণ লাভ কৰো, যাৰ কাৰণে ছবিখন নিৰ্মাণত খৰচ হোৱা ধন ঘূৰি নাহে। সেয়ে সাধাৰণ সংখ্যক দৰ্শকৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰাটোৱে উত্তম উপাই বুলি ভাবো’।

যদিহে এই চিনেমাখনৰ জৰিয়তে কেনিয়ে কিছু পৰিমানে সফলতা লাভ কৰে তেন্তে তেওঁ ভৱিষ্যতে পুনৰ ছবি নিৰ্মাণ কৰি যাব বুলিও মত প্ৰকাশ কৰে।

Recent News

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd