কেৰালা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এটা ঐতিহাসিক ৰায়। ন্যায়ালয়ৰ ৰায় অনুসৰি, ৰাজ্যৰ ট্ৰান্সজেণ্ডাৰ দম্পতীৰ সন্তানৰ নাম জন্মৰ প্ৰমাণ পত্ৰত ‘পিতৃ’ বা ‘মাতৃ’ৰ পৰিৱৰ্তে ‘অভিভাৱিক/অভিভাৱিকা’ শব্দ পঞ্জীয়ন কৰিব লাগিব।
সোমবাৰে ন্যায়াধীশ জিয়াদ ৰহমানে ‘অভিভাৱিকা/অভিভাৱক’ শব্দটো লিংগ নিৰপেক্ষ শব্দ হিচাপে ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে।
জাহাদ আৰু জিয়া পাভালৰ কাহিনী এই গোচৰৰ লগত জড়িত। যদিও শাৰীৰিকভাৱে জাহাদ নাৰী, তথাপিও তেওঁ নিজকে পুৰুষ বুলি গণ্য কৰে, আনহাতে জিয়া ইয়াৰ বিপৰীত। অৰ্থাৎ জাহাদ ট্ৰান্সমেন আৰু জিয়া ট্ৰান্স ৱমেন। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত জাহাদে এটা সন্তান জন্ম দিয়ে। কোজিকোড পৌৰ নিগমৰ নৱজাতকৰ প্ৰমাণ পত্ৰত জাহাদক ‘মাতৃ’ আৰু জিয়াক ‘পিতৃ’ বুলি কোৱা হৈছে। ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে দম্পতীহালে। তেওঁলোকক ‘মাতৃ’ আৰু ‘পিতৃ’ৰ পৰিৱৰ্তে ‘অভিভাৱিকা’ হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়।
সোমবাৰে কেৰালা উচ্চ ন্যায়ালয়ে জাহাদ আৰু জিয়াৰ দাবীক সমৰ্থন কৰে। কেৰালাৰ প্ৰথমজন ট্ৰান্স অধিবক্তা পদ্ম লক্ষ্মীয়ে এই গোচৰত আবেদনকাৰীৰ হৈ উকালতি কৰিছিল। সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উদ্ধৃতি দি তেওঁ লিংগ নিৰপেক্ষ ব্যক্তিৰ মৌলিক অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰে। আনহাতে, দম্পতীহালে কয় যে তেওঁলোকক ‘মাতৃ’ আৰু ‘পিতৃ’ বুলি কোৱাটো তেওঁলোকৰ অস্তিত্বৰ সংগ্ৰামৰ বিৰোধিতা।
কেৰালা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ দাবীক সমৰ্থন কৰে। অৱশেষত ন্যায়াধীশ জিয়াদ ৰহমানে জাহাদ আৰু জিয়াৰ সপক্ষে ৰায় দিয়ে।