NORTHEAST NOW (Assamese)

প্ৰতিশোধ! কন্যা সন্তানক অশালীন আচৰণ কৰাৰ বাবে অভিযুক্তৰ বেকাৰী দোকানত অগ্নিসংযোগ পিতৃৰ

December 23, 2022 8:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 23, 2022 9:07 pm

নিজ কন্যা সন্তানক অশালীন ব্যৱহাৰ কৰাৰ বাবে অভিযুক্তৰ বেকাৰী দোকান জ্বলাই দি চৰম প্ৰতিশোধ পূৰণ কৰিছে এগৰাকী পিতৃয়ে। বুধবাৰে এই ঘটনা সংঘটিত হৈছে দক্ষিণ ভাৰতীয় ৰাজ্য কেৰেলাৰ চেৰানাল্লুৰৰ বিষ্ণুপুৰমত।

অভিযোগ অনুসৰি এগৰাকী কিশোৰীয়ে স্থানীয় এখন বেকাৰী দোকানৰ পৰা সামগ্ৰী ক্ৰয়ৰ বাবে যোৱাৰ সময়ত দোকানৰ মালিকে তেওঁৰ সৈতে অসৎ আচৰণ কৰে।

কিশোৰীগৰাকীয়ে ঘৰলৈ উভতি আহি পিতৃক এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ লগে লগে ক্ষুব্ধ হৈ তেওঁ নিশা দোকানখনলৈ যায় দোকানখনত জুই লগাই দিয়ে।

সৰু দোকানখনত ব্যক্তিগৰাকীয়ে পেট্ৰ’ল ঢালি জুই লগাই দিয়াৰ লগে লগে জুই সহজতে বিয়পি পৰে আৰু দোকানখনৰ বিস্তৰ ক্ষতিসাধন হয়। তদুপৰি সেইসময়ত দোকানত থকা দোকানী গৰাকীৰ পত্নীও সামান্য অগ্নিদগ্ধ হয়।

এই ঘটনাৰ পাছতে বেকাৰী দোকানখনৰ মালিকগৰাকীৰ পত্নী আৰু কিশোৰীগৰাকীৰ পিতৃয়ে পৃথকে পৃথকে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। এই অভিযোগৰ ভিত্তিত POCSO আইনৰ ধাৰাত দোকানৰ মালিকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আনহাতে বেকাৰীখনৰ মালিকৰ পত্নীৰ অভিযোগৰ ভিত্তিত কিশোৰীগৰাকীৰ পিতৃকো গ্ৰেপ্তাৰ কৰা হয়। দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰি ৰিমাণ্ডত প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়ে।

Related News