ইজৰাইলৰ পৰা ভিডিঅ’ কলত স্বামীৰ সৈতে কথা পাতি আছিল শ্বিজা আনন্দ নামৰ মহিলাগৰাকীয়ে। ভিডিঅ’ কলত স্বামী আৰু পৰিয়ালক নিজকে সুৰক্ষিত বুলি আশ্বাস দি আছিল। হঠাৎ এটা ডাঙৰ শব্দ হ’ল আৰু ফোনটো বিচ্ছিন্ন হৈ গ’ল।
তাৰ পিছত সিফালৰ পৰা বাৰে বাৰে ফোন আহিছিল, কিন্তু কোনেও ফোনটো ৰিচিভ নকৰিলে। কিছু সময়ৰ পাছত কেৰালাৰ শ্বিজা আনন্দৰ ঘৰলৈ খবৰ আহিল যে তেওঁ ৰকেটৰ আক্ৰমণত আহত হৈছে। তেওঁৰ অস্ত্ৰোপচাৰ হ’ব।
কেৰালাৰ ৪১ বছৰীয়া শিজা আনন্দ পেছাত এগৰাকী নাৰ্ছ। কৰ্মসংস্থাপনৰ বাবে বিগত ৭ বছৰ ধৰি ইজৰাইলত আছে তেওঁ। তেওঁৰ স্বামী আৰু দুটা সন্তান মহাৰাষ্ট্ৰৰ পুনেত থাকে। শনিবাৰে ইজৰাইলৰ আক্ৰমণত আহত হয় শ্বিজা।
শ্বিজাৰ পৰিয়ালৰ সূত্ৰই জনোৱা মতে, শনিবাৰে পুৱা হামাছ বাহিনীৰ আক্ৰমণৰ পিছত তেওঁক পৰিয়ালে দেশলৈ উভতি যাবলৈ কৈছিল। কিন্তু শ্বিজাই কৈছিল যে তেওঁ নিৰাপদ। ইয়াৰ পিছত শ্বিজাই ভিডিঅ’ কলত কথা পাতি স্বামীক আশ্বস্ত কৰি আছিল।
পিছত শ্বিজাৰ এজন সহকৰ্মীয়ে ফোন কৰি হামাছৰ আক্ৰমণত শ্বিজাৰ আঘাতৰ বিষয়ে অৱগত কৰে। শ্বিজা গুৰুতৰভাৱে আহত হয় আৰু লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ইফালে যুদ্ধবিধ্বস্ত ইজৰাইলৰ পৰিস্থিতি বাবে শ্বিজাৰ স্বামীয়ে পত্নী গুৰুতৰভাৱে আহত বুলি জনোৱাৰ পিছতো পত্নীৰ কাষলৈ যাব পৰা নাই। কিন্তু কেৱল শ্বিজাই নহয়, তেওঁৰ দৰে কেৰালাৰ বহু বাসিন্দা ইজৰাইলত বাস কৰে।
অৱশ্যে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে তেওঁলোকক নিৰাপদে স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিছে। কেৰালাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেৰালাৰ ২০০ ৰো অধিক বাসিন্দাক বেথলেহমৰ এখন হোটেলত ৰখা হৈছে। সংবাদ মাধ্যমে জনাইছে যে তেওঁলোক সকলো নিৰাপদ।