ভাৰত ন্যায় যাত্ৰাৰ সময়ত কামাখ্যা, বৰপেটা সত্ৰ কিয় ভ্ৰমণ নকৰিলে ৰাহুল গান্ধীয়ে, প্ৰশ্ন হিমন্ত বিশ্বৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ দিনা বটাদ্ৰৱ থান ভ্ৰমণ কৰিবলৈ অনুমতি নিদিয়াত অশান্তিৰ সৃষ্টি কৰিছে। 

লগতে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত মা কামাখ্যা মন্দিৰ, ড° ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ, শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ, পোৱামক্কা দৰগাহ চৰিফ, বৰপেটা সত্ৰ আদি ঠাই ভ্ৰমণ নকৰিলে ৰাহুল গান্ধীয়ে।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ৰাহুল গান্ধীয়ে যদি সঁচা অৰ্থত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধা কৰে তেন্তে বৰপেটা সত্ৰখন ভ্ৰমণ কৰিব পাৰিলেহেঁতেন। তেওঁ সম্ভৱতঃ বৰপেটাৰ পাটবাউসী সত্ৰলৈ যাব পাৰিলেহেঁতেন। ৰাহুল গান্ধীয়ে কিয় এমুহূৰ্তৰ বাবে ৰৈ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা নাছিল? যদি তেওঁ প্ৰকৃততে হিন্দু সংস্কৃতিক ভাল পায় তেন্তে গুৱাহাটীৰ নীলাচল পাহাৰৰ মা কামাখ্যা মন্দিৰ তেওঁ কিয় দৰ্শন নকৰিলে? কংগ্ৰেছ দলৰ প্ৰধান লক্ষ্য আছিল তেওঁলোকৰ ভাৰত জোডো ন্যায় যাত্ৰাৰে অসমত অস্থিৰতা সৃষ্টি কৰা।”

কংগ্রেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলিও নিশ্চিত কৰে হিমন্ত বিশ্ব শৰ্মাই। লগতে লোকসভা নির্বাচনৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব বু্লিও সদৰী কৰে৷

‘‘আমি এই সময়ত ৰাহুল গান্ধীক গ্ৰেপ্তাৰ নকৰো কাৰণ কিছুমানে ইয়াক ৰাজনৈতিক পদক্ষেপ বুলি অভিহিত কৰিব। গোচৰ ৰুজু কৰা হৈছে। এটা বিশেষ তদন্তকাৰী দলে (SIT) গোচৰটো চাব, আৰু ৰাহুল গান্ধী আৰু তেওঁৰ ব্ৰিগেডে কেনেকৈ আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজ্যৰ আৰক্ষী বাহিনীক আক্ৰমণ কৰিবলৈ উচটনি দিছিল সেয়া দেখুৱাবলৈ আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে। কালি তেওঁলোকে মহানগৰীত বিশৃংখলতা সৃষ্টিৰ চেষ্টা চলাইছিল যদিও আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলো। লোকসভা নিৰ্বাচনৰ পিছত উপযুক্ত সময়ত আমি ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিম” – মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়।

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ লগতে দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল, ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ প্ৰভাৰী কানহাইয়া কুমাৰকে ধৰি কেইবাজনো লোকৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে এফআইআৰ ৰুজু হৈছে।