৪০০লোকৰ সন্মুখত ৰাজহুৱা স্থানত মহিলা-যুৱকক মুকলিকৈ নগ্ন কৰি স্নান কৰালে খাপ পঞ্চায়তে

392020184259427

ফটো সৌজন্য: টাইমছ নাও

মানৱতাৰ অন্তিম সীমাও যেন লংঘন কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে একাংশ খাপ পঞ্চায়ত নামৰ তথাকথিত ন্যায় প্ৰদানকাৰী গাঁৱৰ বিচাৰ ব্যৱস্থাই।

ৰাজস্থানৰ এখন খাপ পঞ্চায়তে শাস্তিৰ নামত এগৰাকী বোৱাৰী আৰু তেওঁৰ দেওৰেকৰ পুত্ৰক মুকলিকৈ নগ্ন কৰি স্নান কৰোৱা হয়।

বাতৰি অনুসৰি, প্ৰায় ৪০০ লোকৰ সন্মুখত সেই মহিলা আৰু যুৱকক বিৱস্ত্ৰ কৰা হয়।

অৱশেষত ৰাজস্থানৰ চাঁচি সমাজ সংস্কাৰ তথা বিকাশ কেন্দ্ৰৰ অধ্যক্ষ সৱাই সিং মালাৱত চিকৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাত ঘটনাৰ ১১দিন পাছতহে বিষয়টো পোহৰলৈ আহে।

ঘটনা অনুসৰি, কেইদিনমান পূৰ্বে ৰাজ্যখনৰ চিকৰ জিলাৰ নেছৱা গাঁও পঞ্চায়ৰ অধীনৰ চোলা গাঁৱত ছাঁচি সমাজৰ সদস্য খুড়ীয়েক আৰু দেওৰেয়কৰ পুত্ৰ সম্বন্ধত ভতিজাকৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।

উক্ত ভিডেঅ’ত প্ৰায় ৪০০লোকৰ সন্মুখত মহিলাগৰাকী আৰু যুৱকজনক প্ৰায়শ্চিত্তৰ নামত খাপ পঞ্চায়তৰ নিৰ্দেশত নগ্ন কৰি স্নান কৰোৱা দেখা গৈছিল।

তদুপৰি, যুৱকজনক ৩১হাজাৰ টকা আৰু যুৱকজনক ২২হাজাৰ টকা জৰিমনা বিহা হয়।

ৰাজ্যখনৰ পাঁচখন জিলাৰ পৰা নিৰ্বাচিত পঞ্চায়তৰ সদস্যৰে গঠিত খাপ পঞ্চায়তে এইদৰে নিৰ্দেস দিছিল।

বাতৰি অনুসৰি,,খাপ পঞ্চায়তৰ সদস্য হিচাপে এগৰাকী চৰকাৰী বিষয়াও আছিল।

জিলাখনৰ সহকাৰী আৰক্ষী অধীক্ষক দেবেন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে পৰিয়ালৰ সন্মতিক্ৰমেই সেই মহিলা আৰু যুৱকক নগ্ন কৰি স্নান কৰিবলৈ দিয়া হৈছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ শহুৰ আৰু শাহুৱেকক জেৰা কৰিছে।