খাচি চলচ্চিত্ৰই অনুপ্ৰাণিত কৰিছে বলীউদৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকক

Meghalaya-Film-1-600x375

চলচ্চিত্ৰখনৰ পোষ্টাৰ

খাচি চলচিত্ৰ নিৰ্মাতা প্ৰদীপ কুৰ্বাহৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈ বলীউদৰ জনপ্ৰিয় অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকে তেওঁৰ এখন চলচ্চিত্ৰ মাৰাঠি ভাষাত পুনৰ নিৰ্মাণ কৰিছে।

প্ৰদীপ কুৰ্বাহৰ বঁটা প্ৰাপ্ত চলচ্চিত্ৰ ‘অ’নাতা : অব দ্যা আৰ্থ’ বলীউদৰ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে ‘মান উধান ভাৰা’ নামেৰে মাৰাঠি ভাষালৈ পুনৰ নিৰ্মাণ কৰিব।

সঞ্জয় মেমনে পৰিচালনা কৰা ‘মান উধান ভাৰা’ চলচ্চিত্ৰখন অক্টোবৰৰ ১১ তাৰিখে ছবিগৃহত মুক্তি দিয়া হ’ব।

‘অ’নাতা : অব দ্যা আৰ্থ’ চলচ্চিত্ৰখনে ৬৩ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ খাচী ভাষাৰ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল।

প্ৰাৰম্ভিক পৰ্যায়ত শতীশ কৌশিকে চলচ্চিত্ৰখন হিন্দী ভাষাত পুনৰ নিৰ্মাণ কৰাৰ ভাবিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ চলচ্চিত্ৰখন মাৰাঠি দৰ্শকৰ বাবে বেছি উপযোগী হ’ব বুলি বিবেচনা কৰে।

মেঘালয়ৰ ট্ৰাইবেল জনসাধাৰণ এই ক্ষেত্ৰত গৌৰৱান্বিত হোৱা উচিত কাৰণ ‘অ’নাতা’ হ’ল অন্যভাষালৈ পুনৰনিৰ্মাণ কৰা প্ৰথমখন প্ৰথমখন খাচি ভাষাৰ চলচ্চিত্ৰ।

আনহাতে, অ’নাতা উত্তৰ-পূবৰ পৰা অন্যভাষালৈ পুনৰনিৰ্মাণ কৰা দ্বিতীয়খন চলচ্চিত্ৰ। ইয়াৰ পূৰ্বে ১৯৭৫ চনত অসমীয়া চলচ্চিত্ৰ ‘চামেলী মেমচাহাব’ বেংগলী আৰু হিন্দী ভাষাত পুনৰনিৰ্মাণ কৰা হৈছিল।

চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকে মাৰাঠি ভাষাত নিৰ্মাণ হ’বলগীয়া চলচ্চিত্ৰখনক লৈ যথেষ্ঠ আশাবাদী হৈ পৰিছে।

চলচ্চিত্ৰখনৰ মাৰাঠি ভাষাৰ চিত্ৰনাট্য লিখিছে যশস্বী বঁটা প্ৰাপক চিত্ৰ নাট্যকাৰ সুমিতা ভাৱে আৰু সুনীল সুকথানকাৰে।

মাৰাঠি ভাষাত চলচ্চিত্ৰখনৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত ইয়াক হিন্দীতো নিৰ্মাণ কৰিব পাৰে বুলি সতীশে জনাইছে।