বিশ্বনাথত অপহৰণকাৰী আৰু জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান

biswanath

বিশ্বনাথ জিলা আৰক্ষীয়ে যোৱা ২৪ ঘণ্টাত দুটাকৈ সফল অভিযান চলাই এটা অপহৰণকাৰী দলক গ্ৰেপ্তাৰ কৰাৰ লগতে জুৱা খেলৰ এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে জিলাখনৰ বাঘমাৰিৰ ছহিজুদ্দিন আলি নামৰ এজন ব্যক্তি নিৰুদ্দেশ হৈ থকা বুলি যোৱা ৩ ডিচেম্বৰত পৰিয়ালৰ লোকে জিনজিয়া আৰক্ষী থানাত এখন এজাহাৰ দিছিল। পিছত কোনো লোকে তেওঁৰ পৰিয়াললৈ ফ’ন কৰি ছহিজুদ্দিনক অপহৰণ কৰাৰ কথা জানিবলৈ দিয়াৰ লগতে তেওঁক মুক্তি কৰি দিয়াৰ বাবদ ১ লাখ টকা দাবী কৰে।

ছহিজুদ্দিনৰ পৰিয়ালে এই কথা আৰক্ষীক অৱগত কৰাত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোসনৰ তত্ত্বাৱধানত গঠন কৰা জিনজিয়া আৰক্ষীৰ এক অভিযানকাৰী দলে কালি সন্ধিয়া ছহিজুদ্দিনক অপহৰণকাৰী দলটোৰ পৰা মুকলি কৰাৰ লগতে অপহৰণকাৰীদলটোকো গ্রেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতো প্ৰথমে তেওঁলোকে এখন বাইকেৰে দাবী কৰা ধন নিবলৈ অহা অপহৰণকাৰী দলটোৰ অন্যতম সদস্য আব্বাছ উদ্দিনক আটক কৰে। পিছত আব্বাছ উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ডিকৰাঙৰ পৰা অপহৃত ছহিজুদ্দিনক উদ্ধাৰ কৰাৰ লগতে অপহাণকাৰী দলটোৰ মূল নায়ীকা মফিদা খাতুন আৰু আছাদুল আলিক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে অপহাণকাৰী মফিদা খাতুন ছহিজুদ্দিনৰ দ্বিতীয় পত্নী আছিল। তিনিমাহ পূৰ্বে দুয়োৰে বিবাহ বিচ্ছেদ ঘটাত মফিদাই আব্বাচ উদ্দিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

আনহাতে উক্ত অভিযানৰ পিছতে বিশ্বনাথ আৰক্ষীয়ে আন এক অভিযান চলাই এটা জুৱা খেলৰ ঘাটি উৎখাত কৰে। বিশ্বনাথৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাপেখাতিত আজি বিশ্বনাথ আৰক্ষী আৰু চি আৰ পি বাহীনিয়ে যুটীয়া অভিযান চলাই জুৱা খেলা সামগ্ৰীসহ ৬ জন লোকক আটক কৰে।