• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুসজ্জিত ৰে’লেৰে ৰাছিয়াত উপস্থিত কিম জং উন; পুটিনৰ সৈতে কৰিব পাৰে অস্ত্ৰ চুক্তি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2023 5:12 pm
463
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াত উপস্থিত হৈছেগৈ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উন। অস্ত্ৰ চুক্তিৰ জল্পনা-কল্পনাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হ’বলগীয়া এক সন্মিলনৰ এদিনৰ পূৰ্বে মঙলবাৰে ৰাছিয়াত উপস্থিত হয় উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। 

আমেৰিকাই দাবী কৰা অনুসৰি ৰাছিয়া আৰু উত্তৰ কোৰিয়াই দুই ৰাষ্ট্ৰপ্ৰধান লগ হৈ বিশেষ অস্ত্ৰ-শস্ত্ৰৰ চুক্তি স্বাক্ষৰ কৰিব।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, দেওবাৰে বিয়লি দলৰ শীৰ্ষ বিষয়া আৰু সশস্ত্ৰ বাহিনীৰ সৈতে পিয়ংইয়াঙৰ পৰা এখন সু-সজ্জিত ৰে’লেৰে ৰাছিয়ালৈ ৰাওনা হয় কিম জং উন। দেশখনৰ সুদূৰ পূব অঞ্চলৰ প্ৰিম’ৰস্কি ক্ৰাইৰ মাজেৰে উত্তৰ দিশলৈ যাত্ৰা কৰি মঙলবাৰে পুৱাই ৰাছিয়াত প্ৰৱেশ কৰে কিমৰ ৰে’ল।

ইফালে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ জেওন হা-কিউৱে কয় যে উত্তৰ কোৰিয়া আৰু ৰাছিয়াই অস্ত্ৰ চুক্তি আৰু প্ৰযুক্তি হস্তান্তৰৰ আলোচনা আগবঢ়াই নিয়াৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ৰাছিয়াক গোলাবাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰৰ অতি প্ৰয়োজন। আনহাতে, পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচীক লৈ বছৰ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ সন্মুখীন হোৱা উত্তৰ কোৰিয়াত এতিয়া নগদ ধন আৰু খাদ্যৰ পৰা আৰম্ভ কৰি মিছাইল প্ৰযুক্তিলৈকে সকলোৰে অভাৱ হৈছে বুলি চিএনএনে প্ৰকাশ কৰিছে।

অৱশ্যে ৰাছিয়া বা উত্তৰ কোৰিয়াই এতিয়ালৈকে দুই ৰাষ্ট্ৰপ্ৰধান লগ হোৱাৰ এজেণ্ডা উল্লেখ কৰা নাই।

বিশেষজ্ঞসকলে কয় যে মস্কোৱে উত্তৰ কোৰিয়াৰ পৰা আৰ্টিলাৰী শ্বেল আৰু এণ্টিটেংক মিছাইল বিচৰাৰ সম্ভাৱনা আছে, ইয়াৰ বিনিময়ত উন্নত উপগ্ৰহ আৰু পাৰমাণৱিক চাবমেৰিন প্ৰযুক্তি বিচাৰিব পাৰে উত্তৰ কোৰিয়াই।

আনহাতে, যোৱা সপ্তাহত হোৱাইট হাউছে সকীয়াই দিছিল যে ইউক্ৰেইনক আক্ৰমণৰ বাবে ৰাছিয়াক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিলে উত্তৰ কোৰিয়াই তাৰ মূল্য ভৰিবলৈ সাজু হ’ব লাগিব। 

উল্লেখ্য যে ৰাছিয়া ভ্ৰমণেই হৈছে কোভিড মহামাৰীৰ পিছত কিম জঙৰ প্ৰথম বিদেশ ভ্ৰমণ। কিয়নো মহামাৰীৰ সময়ত উত্তৰ কোৰিয়াৰ সীমান্ত ছীল কৰি দিয়া হৈছিল।

লগতে পঢ়কঃ ঘূৰ্ণীবতাহ ডেনিয়েলৰ মাৰাত্মক প্ৰভাৱ; লিবিয়াৰ এখন চহৰতে ২০০০ লোকৰ মৃত্যুৰ আশংকা

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd